নেশ্যনেল ডেক্স, 22 ডিচেম্বৰঃ দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত এক জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ বিজেপিয়ে আয়োজন কৰা এই জনসভা আগন্তুক দিল্লী নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰথম কুচকাৱাজ ৷ জনসভাৰ লগতে হ’বলগীয়া সমদলত যথেষ্ট লোকৰ সমাগম ঘটিব বুলি আশা প্ৰকাশ কৰে দলটোৰ নেতাসকলে ৷ এই সভাত প্ৰধানমন্ত্ৰী মোডীয়ে বিগত দিনত বিজেপিয়ে কৰা প্ৰতিশ্ৰুতিৰ বিষয়ে ভাষণ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷
ইয়াৰ পূৰ্বে কংগ্ৰেছে বিজেপিৰ ভুল নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এই একেখন ৰামলীলা ময়দানৰ পৰা ‘ভাৰত বচাও’ নামৰ সমদলৰ আয়োজন কৰিছিল ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও গৰজি উঠিছিল কংগ্ৰেছ ৷ য’ত অংশগ্ৰহণ কৰিছিল কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, পি. চিদাম্বৰম তথা ৰাহুল গান্ধীয়ে ৷