ETV Bharat / bharat

বিজেপিয়ে "মেক ইন ইণ্ডিয়া"ৰ শ্ল'গান দিয়ে কিন্তু চীনৰ পৰা সামগ্ৰী ক্ৰয় কৰেঃ ৰাহুল গান্ধী - মনমোহন সিং

ভাৰতে চীনৰ কোম্পানী বৰ্জন কৰা সন্দৰ্ভত টুইটাৰযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে । লগতে টুইটাৰত মোডীৰ "মেক ইন ইণ্ডিয়া"ৰ দৰে উচ্চঅভিলাষী আঁচনিকো সমালোচনা কৰে ৰাহুল গান্ধীয়ে ।

মেক ইন ইণ্ডিয়া
বিজেপিয়ে "মেক ইন ইণ্ডিয়া"ৰ শ্ল'গান দিয়ে কিন্তু চীনৰ পৰা সামগ্ৰী ক্ৰয় কৰেঃ ৰাহুল গান্ধী
author img

By

Published : Jun 30, 2020, 3:10 PM IST

নিউজ জেস্ক, ৩০ জুনঃ ভাৰতে চীনৰ কোম্পানী বৰ্জন কৰা সময়তে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উচ্চঅভিলাষী আঁচনি "মেক ইন ইণ্ডিয়ান"ক আক্ৰমণ কৰি কয় যে, ২০১৪ চনৰ কথা বাস্তব ৰূপ পাব যেন লাগিছে বুলি মত প্ৰকাশ কৰে ।

মেক ইন ইণ্ডিয়া
বিজেপিয়ে "মেক ইন ইণ্ডিয়া"ৰ শ্ল'গান দিয়ে কিন্তু চীনৰ পৰা সামগ্ৰী ক্ৰয় কৰেঃ ৰাহুল গান্ধী

ৰাহুল গান্ধীয়ে টুইটাৰযোগে সদৰি কৰে যে, "তথ্যই মিছা নকয় । বিজেপিয়ে মেক ইন ইণ্ডিয়াৰ কথা কয় কিন্তু বিজেপি চীনৰ পৰা সামগ্ৰী ক্ৰয় কৰে । ২০০৮ ৰ পৰা ২০১৪ লৈকে চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ কৰা ১৪ শতাংশ আছিল কিন্তু এনডিআৰ চৰকাৰৰ শাসনকালৰ পাচতে ভাৰতলৈ আমদানি কৰা চীনৰ সামগ্ৰীৰ পৰিমাণ ১৮ শতাংশলৈ বৃদ্ধি পায় ।

লগতে ৰাহুল গান্ধীয়ে এইটো উল্লেখ কৰে যে, ২০০৮ চনত প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত চীনৰ পৰা ভাৰতলৈ আমদানি কৰা সামগ্ৰীৰ পৰিমাণ ১২ শতাংশ আছিল । তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নেৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত ২০১৫ চীনৰ পৰা ১৩ শতাংশ সামগ্ৰী আমদানি কৰাৰ বিপৰীতে ২০১৬ চনত ১৬ শতাংশ, ২০১৭ চনত ১৭ শতাংশ আৰু ২০১৮ চনত ১৮ শতাংশলৈ বৃদ্ধি পাই বুলি সদৰি কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.