ETV Bharat / bharat

বিজেপিৰ প্ৰথমখন সংসদীয় বৈঠক সমাপ্ত

লোকসভা নিৰ্বাচনৰ পিচতে মঙলবাৰে প্ৰথমবাৰৰ বাবে সংসদীয় বৈঠকত মিলিত হয় বিজেপিৰ সাংসদসকল ৷ সংসদৰ পুথিভঁৰাল ভৱনত অনুষ্ঠিত হোৱা সভাত লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশী অনুপস্থিত থাকে ৷

বিজেপিৰ প্ৰথমখন সংসদীয় বৈঠক সমাপ্ত
author img

By

Published : Jul 2, 2019, 7:51 PM IST

নিউজ ডেস্ক, 2 জুলাইঃ সংসদৰ অধিৱেশনৰ সময়তে মঙলবাৰে অনুষ্ঠিত হৈ যায় শাসনাধিষ্ঠিত বিজেপিৰ প্ৰথমখন সংসদীয় বৈঠক ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি জগত প্ৰকাশ নাড্ডাৰ লগতে অন্যান্য নেতা তথা অধিকাংশ সাংসদ উপস্থিত থাকে ৷

EtvBharatAssam
বিজেপিৰ প্ৰথমখন সংসদীয় বৈঠক সমাপ্ত

সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মধ্যপ্ৰদেশৰ বিজেপি বিধায়ক আকাশ বিজয়বৰ্গীৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ উল্লেখ্য যে, মধ্যপ্ৰদেশৰ ইন্দোৰত নগৰপালিকাৰ এগৰাকী কৰ্মচাৰীক ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল বিজেপি বিধায়কগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে বিধায়ক আকাশ বিজয়বৰ্গীক গ্ৰেপ্তাৰ কৰিছিল যদিও জামিনত মুকলি কৰি দিছিল ৷

EtvBharatAssam
বিজেপিৰ প্ৰথমখন সংসদীয় বৈঠক সমাপ্ত

মঙলবাৰে অনুষ্ঠিত হোৱা সভাত প্ৰথমবাৰৰ বাবে অনুপস্থিত থাকে বিজেপিৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানীকে ধৰি মুৰলী মনোহৰ যোশী আৰু অন্যান্য বহুকেইগৰাকী নেতা ৷ লোকসভা নিৰ্বাচনত দলটোৱে প্ৰাৰ্থীৰ বয়সৰ উৰ্ধসীমা নিৰ্ধাৰণ কৰি দিয়াৰ বাবে বিগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত আছিল দুয়োগৰাকী নেতা ৷

অধিক পঢ়কঃ চিমলা চুক্তিত কাশ্মীৰৰ কথা উল্লেখ কৰাটো ভুল আছিল: প্ৰাক্তন বৈদেশিক মন্ত্ৰী নটৱৰ সিং

Intro:Body:

BJP parliamentary party meeting concludes

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.