পশ্চিমবংগ, 29 জুনঃ বিজেপিৰ পূৱ মিডনাপুৰ জিলাৰ সচিব পবিত্ৰ দাস দেওবাৰে গুলীবিদ্ধ হয় । তেওঁৰ অঞ্চলত গাঁওবাসীক কৰা আক্ৰমণত নেতাগৰাকীৰ দেহত গুলী লাগে । তেওঁ এই আক্ৰমণৰ বাবে তৃণমূল কংগ্ৰেছক দোষাৰোপ কৰে । গুলীবিদ্ধ হোৱা নেতাজনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
পূৰ্বতে, বিজেপিয়ে সেই স্থানত তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছিল । আন্দোলনৰ কাৰণ আছিল আম্ফানৰ ক্ষতিপূৰণ বিতৰণৰ ক্ষেত্ৰত তৃণমূল কংগ্ৰেছে দলটোৰ সৈতে জড়িত লোকৰ অঙহী-বঙহী লোক সকলকহে ধন দিয়াৰ অভিযোগ, যাৰ ফলত প্ৰকৃত হিতাধিকাৰীসকল ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত হৈছিল ।
আঘাতপ্ৰাপ্ত দাসে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে, নিশা তেওঁৰ ঘৰত দলটোৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ চলাইছিল । তেওঁৰ ঘৰত তিনিগৰাকী মহিলাও আছিল, আৰু মহিলা সকলকো প্ৰহাৰ কৰা হৈছিল ।
বিজেপিৰ কেন্দ্ৰীয় সম্পাদক ৰাহুল সিনহাই কয় যে, তৃণমূল কংগ্ৰেছ আৰু আৰক্ষীৰ মাজত বুজাবুজি আছে । এই ক্ষেত্ৰত এই ঘটনাত জড়িত তৃণমূলৰ গুণ্ডা আৰু আৰক্ষী বিষয়াৰ বিৰুদ্ধে অনুসন্ধান আৰু বিহিত ব্যৱস্থা লোৱাৰ দাবী কৰিছে ।