ETV Bharat / bharat

ইন্দোৰত 'তাণ্ডৱ'ৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ - ৰাষ্ট্ৰীয় অধ্যক্ষা মায়াৱতী

ৱেব ছিৰিজ 'তাণ্ডৱ' নিষিদ্ধ কৰাৰ দাবীত মধ্য প্ৰদেশৰ ইন্দোৰত বিজেপি কৰ্মীৰ প্ৰতিবাদ । 'তাণ্ডৱ'ৰ পৰা আপত্তিজনক দৃশ্যাংশ আঁতৰ কৰা উচিত বুলি মন্তব্য কৰিছে বহুজন সমাজ পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষা মায়াৱতীয়ে । 'তাণ্ডৱ' কিছু দৃশ্যৰ জৰিয়তে হিন্দু ধৰ্মৰ দেৱ-দেৱীক অপমান কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে ।

ইন্দোৰত 'তাণ্ডৱ'ৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ

author img

By

Published : Jan 18, 2021, 6:44 PM IST

নেশ্যনেল ডেস্ক, ১৮ জানুৱাৰী : শেহতীয়াকৈ মুক্তি লাভ কৰা ৱেব ছিৰিজ 'তাণ্ডৱ'ক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে বিজেপিৰ লগতে আন কেইবাটাও ৰাজনৈতিক দল । সোমবাৰে মধ্য প্ৰদেশৰ ইন্দোৰত ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত মৰ্চাৰ কৰ্মকৰ্তাই জ্বলাই দিলে 'তাণ্ডৱ'ৰ পোষ্টাৰ । হিন্দু ধৰ্মৰ দেৱ-দেৱীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি 'তাণ্ডৱ' নিষিদ্ধ কৰাৰ দাবী জনালে প্ৰতিবাদকাৰীসকলে ।

ডিজিটেল প্লেটফৰ্মত চেন্সৰশ্বিপৰ অভাৱে বাৰম্বাৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে । ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচীত মৰ্চাৰ সভাপতি ৰাজেশ শিৰোদকাৰে কয় যে, 'তাণ্ডৱ'ত হিন্দুৰ আৰাধ্য দেৱতা মহাদেৱে অশ্লীল শব্দ উচ্চাৰণ কৰা দেখুওৱা হৈছে । ইয়াৰ দ্বাৰা নিৰ্মাতাই হিন্দু ধৰ্মৰ ভগৱানৰ অপমান কৰিছে বুলিও মন্তব্য কৰে আৰু ছৈফ আলী খানৰ 'তাণ্ডৱ'ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও সকিয়াই দিয়ে শিৰোদকাৰে ।

আনহাতে, বহুজন সমাজ পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষা মায়াৱতীয়ে টুইটযোগে কয় যে, শেহতীয়াকৈ মুক্তি লাভ কৰা 'তাণ্ডৱ' হিন্দু ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে । সেই বাবেই প্ৰতিবাদ আৰম্ভ হৈছে আৰু 'তাণ্ডৱ'ৰ পৰা আপত্তিজনক দৃশ্যাংশ আঁতৰ কৰা উচিত বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় অধ্যক্ষাগৰাকীয়ে । এনে কৰিলে দেশত শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধৰ পৰিৱেশ গঢ়ি উঠিব বুলিও মন্তব্য কৰে ।

কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে নিজাববীয়াকৈ 'তাণ্ডৱ'ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰু এমাজন প্ৰাইম ভিডিঅ'ৰ পৰা স্পষ্টীকৰণ বিচাৰে । লগতে 'তাণ্ডৱ' বিবাদৰ সৈতে জড়িত থকা এমাজন প্ৰাইম ভিডিঅ' কৰ্তৃপক্ষলৈ জাননী জাৰি কৰে ।

লগতে পঢ়ক:কান্হা ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰত বাঘৰ মুক্ত বিচৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.