ETV Bharat / bharat

মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে বিজেপিয়ে

মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে বিজেপিয়ে ৷ ৰাজ্যপাল ভগত সিং ক’চেৰিৰ লগত মিলিত হোৱাৰ পিছত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে মহাৰাষ্ট্ৰৰ বিজেপি প্ৰমুখ চন্দ্ৰকান্ত পাটিলে ৷

author img

By

Published : Nov 10, 2019, 8:10 PM IST

মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে বিজেপিয়ে

নেশ্যনেল ডেস্ক, 10 নৱেম্বৰ: মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে বিজেপিয়ে ৷ ৰাজ্যপাল ভগত সিং ক’চেৰিৰ (koshyari) লগত মিলিত হোৱাৰ পিছত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে মহাৰাষ্ট্ৰৰ বিজেপি প্ৰমুখ চন্দ্ৰকান্ত পাটিলে ৷ তেওঁ কয় যে বিজেপি, শিৱ সেনা, আৰ পি আই মিত্ৰযোঁটৰ ওপৰত আস্থা ৰাখি ৰাইজে এই মিত্ৰযোঁটৰ পক্ষত ভোটদান কৰিছিল ৷ ইয়াৰ বাবে ৰাজ্যপালে বিজেপিক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছিল ৷ কিন্তু শিৱ সেনায়ে চৰকাৰ গঠনত সমৰ্থন নজনোৱাৰ ফলত এতিয়া বিজেপিয়ে মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে ৷ ইতিমধ্যে এই সিদ্ধান্তৰ কথা বিজেপিয়ে দেওবাৰে ৰাজ্যপাল ক’চেৰিক অৱগত কৰিছে ৷

মহাৰাষ্ট্ৰৰ বিজেপি প্ৰমুখ চন্দ্ৰকান্ত পাটিলে লগতে কয় যে, ৰাইজৰ সিদ্ধান্তক শিৱ সেনায়ে অসন্মান কৰিছে ৷ ইয়াৰ লগতে তেওঁ কয় যে, যদি শিৱ সেনায়ে কংগ্ৰেছ আৰু এন চি পিৰ লগত মিলিত হৈ চৰকাৰ গঠন কৰিব বিচাৰিছে তেন্তে বিজেপিৰ শুভকামনা তেওঁলোকৰ লগত আছে ৷

মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে বিজেপিয়ে

উল্লেখ্য যে, মহাৰাষ্ট্ৰত পুনৰ চৰকাৰ গঠনৰ বাবে শনিবাৰে বিজেপিক আহ্বান জনাইছিল ৰাজ্যপালে ৷ ৰাজ্যপালৰ আমন্ত্ৰনৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে দেওবাৰে দুবাৰকৈ বৈঠকত বহিল বিজেপি ৷ ইপিনে শনিবাৰে মহাৰাষ্ট্ৰত বিজেপি চৰকাৰখনৰ কাৰ্যকালৰ অন্ত পৰে ৷ বিধানসভা নিৰ্বাচনত 105 খন আসনৰে বিজেপি সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল আৰু শিৱ সেনায়ে 56 খন আসন লাভ দ্বিতীয় স্থানত আছিল ৷

BJP DECIDES NOT TO FORM GOVERNMENT IN MAHARASHTRA

মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে বিজেপিয়ে

নেশ্যনেল ডেস্ক, 10 নবেম্বৰ: মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে বিজেপিয়ে ৷ ৰাজ্যপাল ভগত সিং ক’চয়াৰিৰ (koshyari) লগত মিলিত হোৱাৰ পিছত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে মহাৰাষ্ট্ৰৰ বিজেপি প্ৰমুখ চন্দ্ৰকান্ত পাটিলে ৷ তেওঁ কয় যে বিজেপি, শিৱ সেনা, আৰ পি আই মিত্ৰযোঁটৰ ওপৰত আস্থা ৰাখি ৰাইজে এই মিত্ৰযোঁটৰ পক্ষত ভোটদান কৰিছিল ৷ ইয়াৰ বাবে ৰাজ্যপালে বিজেপিক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছিল কিন্তু শিৱ সেনায়ে চৰকাৰ গঠনত সমৰ্থন নজনালে যাৰ বাবে এতিয়া বিজেপিয়ে মহাৰাষ্ট্ৰত চৰকাৰ গঠন নকৰে ৷ এই সিদ্ধান্তৰ কথা বিজেপিয়ে দেওবাৰে ৰাজ্যপাল ক’চয়াৰিক অবগত কৰাই ৷ তেওঁ লগতে কয় যে ৰাইজৰ সিদ্ধান্তক শিৱ সেনায়ে অসন্মান কৰিছে ৷ ইয়াৰ লগতে তেওঁ কয় যে যদি শিৱ সেনায়ে কংগ্ৰেছ আৰু এনচিপিৰ লগত মিলিত হৈ চৰকাৰ গঠন কৰিব বিচাৰিছে তেনেস্থলত বিজেপিৰ শুভকামনা তেওঁলোকৰ লগত আছে ৷
মহাৰাষ্ট্ৰত পুনৰ চৰকাৰ গঠনৰ বাবে শনিবাৰে বিজেপিক আহ্বান জনাইছিল ৰাজ্যপালে৷ ৰাজ্যপালৰ আমন্ত্ৰনৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে দেওবাৰে দুবাৰকৈ বৈঠকত বহিল বিজেপি ৷ উল্লেখযোগ্য যে, শনিবাৰে মহাৰাষ্ট্ৰত বিজেপি চৰকাৰখনৰ কাৰ্যকালৰ অন্ত পৰে ৷ বিধানসভা নিৰ্বাচনত 105 খন আসনৰে সৰ্ববৃহৎ দল হিচাপে পৰিগনিত হৈছিল আৰু শিৱ সেনায়ে 56 খন আসন লাভ কৰিছিল ৷ 
patil_b9e5r9c_4Wip8Gp.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.