ETV Bharat / bharat

মণিপুৰৰ একমাত্ৰ ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনী যুঁজ কংগ্ৰেছ-বিজেপিৰ - মণিপুৰৰ একমাত্ৰ ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনী যুঁজ কংগ্ৰেছ-বিজেপিৰ

মণিপুৰৰ ৰাজ্যসভাৰ একমাত্ৰ আসনৰ বাবে নিৰ্বাচনী যুঁজ আৰম্ভ হৈছে বিজেপি-কংগ্ৰেছৰ মাজত । আগন্তুক ১৯ জুনত অনুষ্ঠিত হ'ব ভোটদান কাৰ্যসূচী । বিগত ২৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মহামাৰী COVID-19 প্ৰতিৰোধৰ বাবেই নিৰ্বাচন স্থগিত কৰা হয় বুলি সদৰি কৰে নিৰ্বাচন আয়োগে ।

মণিপুৰ
মণিপুৰৰ একমাত্ৰ ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনী যুঁজ কংগ্ৰেছ-বিজেপিৰ
author img

By

Published : Jun 10, 2020, 12:20 PM IST

নিউজ ডেস্ক, ১০ জুনঃ মণিপুৰত বিজেপি-কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী যুঁজ । আগন্তুক ১৯ জুনত অনুষ্ঠিত হ'ব লগা মণিপুৰৰ একমাত্ৰ ৰাজ্যসভা আসনখনৰ বাবে নিৰ্বাচনী যুঁজ আৰম্ভ হৈছে বিজেপি-কংগ্ৰেছৰ মাজত ।

বিগত ২৬ মাৰ্চত ৰাজ্যসভা আসনখনৰ বাবে ভোটদান কাৰ্যসূচী আৰম্ভ হোৱাৰ কথা আছিল যদিও মহামাৰী COVID-19 প্ৰতিৰোধৰ বাবেই নিৰ্বাচন স্থগিত ৰখা হয় ।

মণিপুৰ
মণিপুৰৰ একমাত্ৰ ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনী যুঁজ কংগ্ৰেছ-বিজেপিৰ

আনহাতে, ১৯ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত কংগ্ৰেছ-বিজেপি বাদে বৰ্তমান পৰ্যন্ত কোনো দলৰ প্ৰাৰ্থীয়ে মনোনয়পত্ৰ দাখিল নকৰা বুলি মঙলবাৰে সদৰি কৰে নিৰ্বাচন আয়োগে ।

বিশেষ সূত্ৰৰ খবৰ অনুসৰি, মণিপুৰৰ টিটলালাৰ ৰাজা লেইছেম্বা ছানাজোবাতে বিজেপিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ বিপৰীতে টি মাংগি বাবুয়ে কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াই ।

আনহাতে, নাগা পিপলছ ফ্ৰণ্টৰ প্ৰাৰ্থী এইছ কাশুঙে ১৪ মাৰ্চত ৰাজ্যসভাৰ পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াই যদিও পিছত প্ৰাৰ্থী গৰকীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.