ETV Bharat / bharat

বিশাখাপট্টনম গেছ দুৰ্ঘটনাৰ শেহতীয়া খবৰ - গেছ নিৰ্গমন ঘটনাৰ অনুসন্ধানৰ বাবে নিযুক্ত কমিটি

এই দুৰ্ঘটনাৰ বিষয়ে শুনি হতবাক ৰাহুল গান্ধী

author img

By

Published : May 7, 2020, 2:00 PM IST

Updated : May 7, 2020, 3:44 PM IST

15:42 May 07

মৃতকৰ পৰিয়ালক সহায়ৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ

মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে মৃতকৰ পৰিয়ালক সহায়ৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে । তেওঁ মৃতকৰ পৰিয়ালসমূহক এল.জি পলিমাৰ উদ্যোগৰ পৰা 1 কোটি টকাৰ ক্ষতিপুৰণ দিব বুলি উল্লেখ কৰে । লগতে আহত লোকসকলৰ বাবে তেওঁ 10 লাখ টকাৰ ক্ষতিপুৰণ ঘোষণা কৰে, যিসকলৰ চিকিৎসা বৰ্তমান ভেণ্টিলেটৰত চলি আছে  । আনহাতে চিকিৎসালয়ত 2-3লৈ থকা আহত সকলক 1 লাখ টকাকৈ প্ৰদান কৰিব বুলি উল্লেখ কৰে । ইয়াৰোপৰি সামান্য ৰোগত ভোগা সকলৰ 25 হাজাৰ টকাকৈ প্ৰদান কৰিব ।

15:41 May 07

গেছ নিৰ্গমন ঘটনাৰ অনুসন্ধানৰ বাবে নিযুক্ত কমিটি

মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে বিশাখাপট্টনম গেছ নিৰ্গমন ঘটনাৰ অনুসন্ধানৰ বাবে এক কমিটি নিযুক্ত কৰে । সকলো প্ৰতিবেদনৰ অধ্যয়নৰ পিচত কমিটিখনে তদন্ত আৰম্ভ কৰিব ।

15:14 May 07

পৰিস্থিতি সম্পৰ্কে বুজ ল'লে মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে

বিশাখাপট্টনমৰ গেছ নিৰ্গমণৰ পৰিস্থিতি সম্পৰ্কে বুজ ল'বলৈ চিকিৎসালয় উপস্থিত মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী । লগতে ঘটনাস্থলীও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

14:45 May 07

অন্ধ্ৰ প্ৰদেশ চৰকাৰলৈ জাননী প্ৰেৰণ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বৃহস্পতিবাৰে ভিজাগৰ গেছ নিৰ্গমনত বহু লোকৰ মৃত্যু আৰু পীড়া সম্পৰ্কত অন্ধ্ৰ প্ৰদেশ চৰকাৰলৈ এক জাননী প্ৰেৰণ কৰে । এই গেছ নিৰ্গমনে ঘটনাস্থলীৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত্বৰ ভিতৰত থকা লোকক প্ৰভাৱিত কৰিছে । ইয়াৰোপৰি বহু লোক ৰাস্তাতে ঢলি পৰাৰ লগতে উশাহ লোৱাত কষ্ট পোৱাও পৰিলক্ষিত হৈছে  ।

13:34 May 07

ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ বাবে উপস্থিতত 27 গৰাকী এনডিআৰএফ বাহিনীৰ লোক

গেছ লিক হোৱা ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ বাবে উপস্থিতত 27 গৰাকী এনডিআৰএফ বাহিনীৰ লোক । প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভে বুজ ল'বলৈ এনডিএমএৰ বিষয়ববীয়া সকলৰ সৈতে মিলিত হ'ব ।

13:33 May 07

দুৰ্ঘটনা সন্দৰ্ভত আইআইপিইৰ নিৰ্দেশক প্ৰসাদৰ প্ৰতিক্ৰিয়া

আইআইপিইৰ নিৰ্দেশক প্ৰসাদে উল্লেখ কৰে যে, এই ঘটনা অতি গম্ভীৰ আছিল আৰু ই কিছুদিনলৈ অব্যাহত থাকিব । তেওঁ উদ্ধাৰ অভিযানত ক্ষীপ্ৰতা আনিবলৈ আহ্বান জনায় ।

13:32 May 07

উপায়ুক্ত তথা অন্য বিষয়া সকলৰ সৈতে আলোচনা মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ

মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে এই সম্পৰ্কত উপায়ুক্ত তথা অন্য বিষয়া সকলৰ সৈতে ফোনযোগে আলোচনা কৰে । জিলা উপায়ুক্তক তেওঁ প্ৰভাৱিত ক্ষেত্ৰখনত উচিত তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । 

13:31 May 07

দুৰ্ঘটনা সন্দৰ্ভত উপায়ুক্ত বিনয় চন্দৰ তথ্য

উদ্যোগটো বহুদিন ধৰি বন্ধ থকাৰ অন্তত খোলাৰ পিচতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি উল্লেখ কৰে উপায়ুক্ত বিনয় চন্দে । উদ্যোগটোত ফাৰ্লিন গেছ নিৰ্গত হোৱা বুলি প্ৰকাশ কৰে তেওঁ । লগতে 300 লোকৰ দেহৰ ভিতৰত এই গেছ প্ৰৱেশ কৰে । পীড়িত লোকসকলক তেওঁলোকে কেজিএইচ হাস্পতাললৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে তেওঁ ।

13:30 May 07

ঘটনা সম্পৰ্কে পৰ্যবেক্ষণৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশাখাপট্টনমৰ লোক সকলৰ সুৰক্ষা আৰু মংগল কামনা কৰি, এই বিষয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু এনডিএমএক অৱগত কৰি ঘটনা সম্পৰ্কে পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

12:57 May 07

এই দুৰ্ঘটনাৰ বিষয়ে শুনি হতবাক ৰাহুল গান্ধী

এই সম্পৰ্কত ৰাহুল গান্ধীয়েও তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে, গেছ লিকৰ এই ঘটনাৰ বিষয়ে শুনি তেওঁ হতবাক হৈ পৰে । তেওঁলোকৰ কংগ্ৰেছ দলৰ কৰ্মীসকলক আৰু সেই এলেকাৰ নেতৃবৃন্দক ক্ষতিগ্ৰস্ত সকলৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সহায় প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে । লগতে মৃতকৰ পৰিয়ালৰ প্ৰতি তেওঁ সমবেদনা জ্ঞাপন কৰে আৰু চিকিৎসালয়ত থকা লোকসকলৰ দ্ৰুত আৰোগ্যতাৰ কামনা কৰে ।

Last Updated : May 7, 2020, 3:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.