ETV Bharat / bharat

বিহাৰত উদ্ভাৱন ভাৰতৰ প্ৰথমখন 'Corona warriors' mobile van' - ডাঃ জন্মজয়

বিহাৰত উদ্ভাৱন দেশৰ প্ৰথমখন কৰ’ণা ভাইৰাছ পৰীক্ষণকাৰী ভ্ৰাম্যমান বাহন ৷ ডাঃ জন্মজয়ে উদ্ভাৱন কৰি উলিয়াইছে এই বিশেষ বাহনখন ৷

বিহাৰত উদ্ভাৱন ভাৰতৰ প্ৰথমখন 'Corona warriors' mobile van'

author img

By

Published : Apr 8, 2020, 11:29 AM IST

নিউজ ডেস্ক, 8 এপ্ৰিলঃ বিহাৰৰ ঔৰংগাবাদৰ এগৰাকী চিকিৎসক যিয়ে সদ্যহাতে লণ্ডনৰ পৰা উভটি আহিছে, আহিয়ে নিজৰ বাহনখনক প্ৰদান কৰে এক বিশেষ ৰূপ ৷ চিকিৎসক ডাঃ জন্মজয়ে নিজৰ বাহনখনক এখন ভ্ৰাম্যমান কৰ’ণা ৱাৰিয়ৰ ভান হিচাপে পৰিৱৰ্তন কৰি, বিহাৰৰ বিভিন্ন স্থা্নত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে নে নাই সেই বিষয়ত পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে ৷

চিকিৎসকগৰাকীয়ে বাহনখনত সুৰক্ষাজনিত সকলো সা-সজুলি উপলব্ধ ৰাখিছে আৰু ইয়াৰ দ্বাৰাই বিভিন্ন অঞ্চলত কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতাৰো সৃষ্টি কৰি আহিছে ৷ চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, বাহনখনে বিভিন্ন স্থানৰ পৰা সন্দেহজনক কৰ’ণা আক্ৰান্তসকলক চিকিৎসালয়লৈ নিয়াত সহায় কৰিব ৷ বাহনখনৰ বাহিৰত ছেনিটাইজাৰকে ধৰি থাৰ্ম’মিটাৰ লাগি আছে আৰু ভিতৰত চিকিৎসক বহিব পৰা সুবিধা আছে ৷ যেতিয়াই কোনো এগৰাকী ৰোগী আহিব, ভিতৰত থাকিয়ে বাহিৰত সংলগ্ন ফোনৰ দ্বাৰা চিকিৎসকে এই বিষয়ে গম পাব ৷ ইয়াৰ পিচতে চিকিৎসকে ভিতৰৰ পৰাই পাম্পৰ সহায়ত ৰোগীক ছেনিটাইজাৰ প্ৰদান কৰিব, আৰু হাত ধোৱাৰ পিচতে বাহনখনৰ বাহিৰত লাগি থকা গ্লোভছৰ সহায়ত ৰোগীৰ শৰীৰৰ উত্তাপ পৰীক্ষা কৰিব ৷ সমগ্ৰ প্ৰক্ৰিয়াটো বাহনখনৰ ভিতৰত থকা কম্পিউটাৰত অটোমেটিক ৰেকৰ্ড হ’ব ৷

উল্লেখ্য যে, স্বাৱ ষ্টিকৰ দ্বাৰা সাধাৰণতে চিকিৎসকসকল অধিক সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে ৷ কিন্তু এইখন বাহনৰ দ্বাৰা চিকৎসকসকল অধিক সুৰক্ষিত থাকিব ৷ অকল বিহাৰতেই নহয় , সমগ্ৰ ভাৰততে এইখনেই হৈছে প্ৰথমখন এনেকুৱা বাহন যিখন এইদৰে কৰ’ণাৰ বিৰুদ্ধে সাজি উলিওৱা হৈছে, যিয়ে দেশৰ যিকোনো প্ৰান্তৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰি ইয়াৰ পৰীক্ষণো কৰিব পাৰে ৷

চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, চৰকাৰে ইয়াক প্ৰমাণ-পত্ৰ প্ৰদান কৰিলে এই বাহনখনে সমগ্ৰ বিশ্বতে এক অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ’ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.