নতুন দিল্লী, 22 নৱেম্বৰ: শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ 1197 গৰাকী প্ৰাৰ্থী অপৰাধমূলক কাৰ্যকলাপৰ সৈতে নাম জড়িত থকাৰ অভিযোগত অভিযুক্ত ৷ নিৰ্বাচনী আয়োগৰ মতে ইয়াৰে 467 গৰাকী প্ৰাৰ্থীৰ প্ৰাৰ্থীত্ব স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পাৰ্টীৰ দ্বাৰা আগবঢ়োৱা হৈছিল ৷ বাকী 730 গৰাকী প্ৰাৰ্থীয়ে পঞ্জীয়নভুক্ত অথচ অস্বীকৃতিপ্ৰাপ্ত দলৰ হৈ নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াইছিল ৷
বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী আয়োগৰ দ্বাৰা উপলব্ধ তথ্য অনুসৰি নিৰ্বাচনী ৰেলীৰ আয়োজন কৰা আয়োজক সকলৰ বিৰুদ্ধে 156 টা গোচৰ পঞ্জীয়ন আছে ৷ উপলব্ধ তথ্য অনুসৰি বহুকেইগৰাকী নেতা আৰু প্ৰাৰ্থীৰ বিৰুদ্ধে ক'ভিড-19 সম্পৰ্কীয় নীতি নিৰ্দেশনা সমূহ অৱমাননা কৰাৰো অভিযোগ আছে ৷ অভিযোগ অনুসৰি এই আয়োজক সকলৰ বিৰুদ্ধে এইবাবেই অভিযোগ অনা হৈছে , যিহেতু যিসমূহ সভা আৰু ৰেলী অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকে অনুমতি গ্ৰহণ কৰিছিল সেই সমূহ সভাত ক'ভিড-19 নীতি নিৰ্দেশনা মানি চলাটো বাধ্যতামূলক কৰা হৈছিল ৷