ETV Bharat / bharat

বিহাৰ নিৰ্বাচন: তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বিহাৰৰ চাচাৰাম,গয়া আৰু ভাগলপুৰৰ তিনিখনকৈ নিৰ্বাচনী সভাত প্ৰচাৰ চলাব ৷ আজিৰ পৰা বিহাৰৰ মুঠ 12 খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

বিহাৰ নিৰ্বাচন
তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী মোডী
author img

By

Published : Oct 23, 2020, 10:05 AM IST

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বিহাৰৰ চাচাৰাম,গয়া আৰু ভাগলপুৰৰ তিনিখনকৈ নিৰ্বাচনী সভাত প্ৰচাৰ চলাব ৷ আজিৰ পৰা বিহাৰৰ মুঠ 12 খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

পূৰ্বে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ বিহাৰৰ দায়িত্বত থকা দেবেন্দ্ৰ ফাড়নাভিছে কয়, "NDA ৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে বিহাৰত মুঠ 12 খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৷ 23 অক্টোবৰত তেওঁ চাচাৰাম, গয়া আৰু ভাগলপুৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ কৰিব ৷ 28 অক্টোবৰত দৰভংগা, মুজফ্ফৰপুৰ আৰু পাটনাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ 3 নৱেম্বৰত তেওঁ চাপ্ৰা,ইষ্ট চম্পৰন,ৱেষ্ট চম্পৰন, সহৰ্ষা,আৰাৰিয়া আৰু সমষ্টিপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব ৷"

ফাড়নাভিছে মন্তব্য কৰে যে,প্ৰধানমন্ত্ৰী মোডীৰ ওপৰত থকা বিশ্বাসে কেৱল তেওঁৰ দলকে নহয় ইয়াৰ মিত্ৰজোঁটকো সহায় কৰিব ৷

বিহাৰ বিধানসভাৰ 243 খন আসনৰ 121-122 খন আসনত বিজেপি-জেডিইউ মিত্ৰজোঁটে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ উল্লেখ্য যে, বিহাৰৰ বিধানসভা নিৰ্বাচন 28 অক্টোবৰ, 3 নৱেম্বৰ আৰু 7 নৱেম্বৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব ৷ আনহাতে, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব 10 নৱেম্বৰত ৷

লগতে পঢ়ক : মুম্বাইৰ নাগপাৰাস্থিত চিটি চেণ্টাৰ মলত অগ্নিকাণ্ড

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.