ETV Bharat / bharat

বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযান সমাপ্ত

author img

By

Published : Oct 27, 2020, 2:22 PM IST

নক্সালবাদীৰ উপদ্ৰৱ অব্য়াহত থকা বিহাৰৰ গয়া, ৰোহতাছ আৰু ঔৰংগাবাদসহ ৬খন জিলাত ভোটাদান সম্পন্ন হ'বলগীয়া ৭১টা বিধানসভা সমষ্টি আছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত মুঠ ১,০৬৬ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰিব। ইয়াৰ ভিতৰত ১১৪ গৰাকী প্ৰাৰ্থী মহিলা।

বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযান সমাপ্ত
বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযান সমাপ্ত

নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ: বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ অভিযান সোমবাৰে সন্ধিয়া অন্ত পৰে। বিহাৰৰ ৭১টা বিধানসভা সমষ্টিৰ ভোটাৰে ২৮ অক্টোবৰত প্ৰথম পৰ্যায়ত ভোটদান কৰিব। নক্সালবাদীৰ ত্ৰাস অব্য়াহত থকা বিহাৰৰ গয়া, ৰোহতাছ আৰু ঔৰংগাবাদসহ ৬খন জিলাত ভোটাদান সম্পন্ন হ'বলগীয়া ৭১টা বিধানসভা সমষ্টি আছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১১৪ গৰাকী মহিলা প্ৰাৰ্থীসহ ১,০৬৬ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰিব।

নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা মুখ্য ৰাজনৈতিক দলবোৰৰ ভিতৰত থকা ৰাষ্ট্ৰীয় জনতা দলে প্ৰথম পৰ্যায়ত ৭১ খন আসনৰ ভিতৰত ৪২খন আসনৰ বাবে যুঁজ দিব। জনতা দলে ৪১ খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। ভাৰতীয় জনতা পাৰ্টীয়ে ২৯ খন আসন, কংগ্ৰেছে ২১ খন আসন, আৰু ৪১খন আসনৰ বাবে যুঁজ দিব এল জে পিয়ে। প্ৰথম পৰ্যায়ৰ ভোটদানত নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী প্ৰেম কুমাৰ, জয় কুমাৰ সিং, সন্তোষ কুমাৰ নিৰালা, বিজয় সিন্হা আৰু ৰাম নাৰায়ণ মণ্ডলৰ ভাগ্য নিৰ্ণয় হ'ব।

বিহাৰৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৩টা ৰেলী অংশগ্ৰহণ কৰিবলৈ বিহাৰত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুনৰ শাসনৰ গাদীত বহুৱাবলৈ ৰাইজক আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল আৰু তিনিটা বাওঁপন্থী দলৰে মহাজোঁটবন্ধনৰ জৰিয়তে একগোট হোৱা কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়েও বিহাৰত প্ৰচাৰ অভিযান চলাইছিল।

লগতে পঢ়ক:হাথৰছ কাণ্ডক লৈ কোনে চলাইছে ৰাজনীতি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.