ETV Bharat / bharat

বিহাৰ নিৰ্বাচন : এক্সজিট প’লক ভুল প্ৰমাণিত কৰিলে এনডিএয়ে

author img

By

Published : Nov 11, 2020, 10:31 AM IST

বিহাৰৰ মছনদ দখল কৰি এনডিএয়ে প্ৰমাণ কৰিলে যে, সকলো এক্সিট প’ল শুদ্ধ নহয় ৷ এক্সিট প’লে মহাযোঁট বন্ধন জিকিব বুলি সমীক্ষা আগবঢ়াইছিল যদিও শেষত এনডিএৰে জয় লাভ কৰে ৷

Bihar NDA proves exit polls wrong
Bihar NDA proves exit polls wrong

নেশ্যনেল ডেস্ক, 11 নবেম্বৰ : বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে মঙলবাৰে মাজ নিশা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল ৷ শাসনাধিষ্ঠত এনডিএয়ে গৰিষ্ঠ সংখ্যক আসন লাভ কৰাত পুনৰ শাসনৰ গাদীত বহিব দলটো ৷ যদিও নিৰ্বাচনৰ পৰৱৰ্তী সমীক্ষাতকৈ ফলাফল কিছু বেলেগ হৈছে, বহুতেই ভৱিষ্যদ্বাণী কৰিছিল যে কোনো দলেই সুস্পষ্টভাৱে সংখ্যা গৰিষ্ঠতা লাভ নকৰে আৰু বহুতেই মহাযোঁট বন্ধন জিকিব বুলিও ধাৰণা কৰিছিল ৷

দেশৰ জনপ্ৰিয় এক্সিট প’ল সমূহে দিয়া সমীক্ষা আৰু বাস্তৱ ফলাফলৰ মাজত যথেষ্ট পাৰ্থক্য আছে ৷ বহুসংখ্যক এক্সিট প’লত আৰজেডি নেতৃত্বাধীন বিৰোধী মিত্ৰযোঁটে শাসকীয় এনডিএ দলৰ ওপৰত প্ৰভাৱ পেলাব আৰু কিছুমানে মহাযোঁট বন্ধনে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু তেজস্বী যাদৱ মুখ্যমন্ত্ৰী হ’ব বুলিও প্ৰকাশ কৰিছিল ৷ প্ৰকৃত ফলাফল সম্পূৰ্ণৰূপে পৃথক আছিল এক্সিট প’লতকৈ ৷ বিজেপিয়ে মিত্ৰদল জেডিইউক পিচ পেলাই 74 খন আসন দখল কৰিছে ৷ যাৰ বাবে এনডিএয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

Bihar NDA proves exit polls wrong
এক্সজিট প’লক ভুল প্ৰমাণিত কৰিলে এনডিএয়ে

মহাযোঁট বন্ধনে এক্সিট প’লতকৈও নিম্নমানৰ প্ৰদৰ্শন দেখুৱাইছে, মাত্ৰ 110 খন আসন হে লাভ কৰিছে মহাযোঁট বন্ধনে ৷ সংখ্য়া গৰিষ্ঠতা লাভৰ বাবে আৰু 12 খন আসনৰ প্ৰয়োজনৰ আছিল মহাযোঁট বন্ধনক ৷ অৱশ্যে আৰজেডি দলে 75 খন আসনেৰে একক বৃহৎ দল হিচাপে পৰিগণিত হৈছে ৷ 243 গৰাকী সদস্যৰে গঠিত বিধাৰ বিধানসভাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দলে 43খন আসন লাভ কৰিছে ৷ পূৰ্বতে জেডিইউৰ আসনৰ সংখ্যা আছিল 71 ৷

মূলতঃ মতামতৰ ভিত্তিত এক্সিট প’ল প্ৰস্তুত কৰা হয় আৰু ই কেতিয়াও 100 শতাংশ শুদ্ধ নহয় ৷ 2015 চনৰ নিৰ্বাচনত আৰজেডিয়ে 80 খন আসন লাভ কৰাৰ বিপৰীতে জেডিইউৱে লাভ কৰিছিল 71 খ‘ ৷ বিজেপিয়ে 53 খন আসন লাভ কৰাৰ পৰিৱৰ্তে কংগ্ৰেছ দলে লাভ কৰছিল 27 খন ৷ সেইসময়ত আৰজেডি,কংগ্ৰেছ আৰু আন কেইবাটাও দলৰ সৈতে লগ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল জেডিইউ ৷ এইবাৰ জেডিইউৱে মিত্ৰতা স্থাপন কৰিলে এন ডিএৰ লগতে ৷

লগতে পঢ়ক : বিহাৰ নিৰ্বাচনৰ ফলাফলঃ টুইট যোগে ৰাইজক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.