ETV Bharat / bharat

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ মুকলি কৰিবলৈ নিৰ্দেশ বিহাৰ চৰকাৰৰ - মহামাৰী প্ৰতিৰোধ আইন

বিহাৰ চৰকাৰে ৰাজ্যখনৰ অন্তৰ্গত সকলো ব্যক্তিগত চিকিৎসালয়, নাৰ্ছিং হোম, ক্লিনিক, ফাৰ্মাচী আৰু ডায়গন'ষ্টিক চেন্টাৰসমূহ মুকলি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে । ৰাজ্যখনত এতিয়ালৈকে ১১৩ গৰাকী ব্যক্তি কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ।

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ মুকলি কৰিবলৈ নিৰ্দেশ বিহাৰ চৰকাৰৰ

author img

By

Published : Apr 22, 2020, 12:58 PM IST

নিউজ ডেস্ক, ২২ এপ্ৰিলঃ কোভিড-১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ বিহাৰ চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি, বিহাৰ চৰকাৰে ৰাজ্যখনত থকা সকলো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, নাৰ্ছিং হোম, ক্লিনিক, ফাৰ্মাচী আৰু ডায়গন'ষ্টিক চেন্টাৰসমূহ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পুনৰ মুকলি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ।

লগতে পঢ়কঃ ললিত মোডীকো দেশলৈ প্ৰত্যাৰ্পণ কৰিব লাগেঃ অধিবক্তা অজয় কুমাৰ জৈন

লকডাউনৰ মাজতে অন্যান্য ৰোগীসকলে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিহাৰ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । যাৰ বাবে ২৪ ঘন্টাৰ ভিতৰত কাৰ্যকৰী হোৱাকৈ স্বাস্থ্যখণ্ডৰ সৈতে জড়িত সকলো ব্যক্তিগত প্ৰতিষ্ঠানকে এইদৰে কঠোৰ নিৰ্দেশনা প্ৰদান কৰে চৰকাৰে । মহামাৰী আইনৰ অধীনত এই নিৰ্দেশনা জাৰী কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ মুখ্য সচিব সঞ্জয় কুমাৰে । নিৰ্দেশনাটোত সকলো ব্যক্তিগত চিকিৎসালয়কে নিৰ্ধাৰিত পৰিমানৰ মেডিচিন মজুত ৰাখিবলৈয়ো কোৱা হৈছে ।

লগতে পঢ়কঃ বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক চালক-হেণ্ডিমেনক স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

বিহাৰত এতিয়ালৈকে ১১৩ গৰাকী ব্যক্তি কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে । ইয়াৰে ভিতৰত ৪২ গৰাকী ব্যক্তিক আৰোগ্য লাভৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে । কোভিড-১৯ মহামাৰীত আক্ৰান্ত হৈ ৰাজ্যখনত এতিয়ালৈকে ২গৰাকী ব্যক্তি মৃত্যুমুখত পৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.