ETV Bharat / bharat

বিহাৰত ভয়ংকৰ ৰূপ ধাৰণ বানপানীৰ, 30টা খণ্ড প্ৰভাৱিত - বিহাৰত বান-সাহাৰ্য শিৱিৰ

বিহাৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানপানীয়ে ৷ ৰাজ্যখনৰ মুখ্য নদীসমূহৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি হৈয়ে আছে ৷

বিহাৰত ভয়ংকৰ ৰূপ ধাৰণ বানপানীৰ, 30টা খণ্ড প্ৰভাৱিত

author img

By

Published : Jul 18, 2020, 5:29 PM IST

নিউজ ডেস্ক, 18 জুলাই : অসমৰ লগতে বিহাৰতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানপানীয়ে ৷ বিহাৰৰ মুখ্যনদীসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যখনৰ বহুটো অঞ্চল প্লাৱিত হৈছে ৷ বহুকেইখন নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ ৰাজ্যখনৰ আঠখনকৈ জিলাৰ 30 টাকৈ উন্নয়ন খণ্ড বানৰ কৱলত পৰিছে ৷

বিহাৰ জল সংশাধন বিভাগৰ তথ্য অনুসৰি, শনিবাৰে বাগমতী নদীখনে সীতামঢ়ীৰ কটৌঝা আৰু মুজাফৰপুৰৰ বেনীবাদ আৰু দৰভাংগাৰ হায়াঘাটত বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ ইয়াৰ লগতে কমলা বলান ঝনঝৰপুৰত বিপদসীমাৰ ওপৰেদি বৈ আছে আৰু মহানন্দা নদীখনে পূৰ্ণিয়াৰ ঢেংগৰাঘাটত বিপদসীমাৰ ওপৰেদি বৈ আছে ৷

বিপদসীমাৰ ওপৰেদি বৈছে নদীৰ জলস্তৰ
বিপদসীমাৰ ওপৰেদি বৈছে নদীৰ জলস্তৰ

শনিবাৰে বীৰপুৰ বৈৰাজত কোশিৰ জলস্তৰ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷ শনিবাৰে ৰাতিপুৱাৰ ভাগত নদীখনৰ জলস্তৰ 1.49 লাখ কিউছেক আছিল আৰু দিনৰ ভাগত ই হ্ৰাস হৈ 1.47 লাখ কিউছেক হয় ৷ গন্দক নদীৰ জলস্তৰ বাল্মীকিনগৰ বৈৰাজত ৰাতিপুৱাৰ ভাগত 1.52 লাখ কিউছেক আছিল ৷ জল সংশাধন বিভাগৰ তথ্য অনুসৰি, ৰাজ্যখনৰ অধিকাংশ নদীয়ে বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ ইয়াকে লৈ জিলা প্ৰশাসন আৰু বিভাগটো অধিক সতৰ্ক হৈ আছে বুলি জানিব পৰা গৈছে ৷

এইদৰে পথৰ ওপৰেদি বাগৰিছে পানী
এইদৰে পথৰ ওপৰেদি বাগৰিছে পানী

বানৰ ফলত ৰাজ্যখনৰ বহুটো প্ৰান্তত বিস্তৰ ক্ষতিসাধণ হোৱা পৰিলক্ষিত হৈছে ৷ কমলা নদীত মনৰেগাৰ দ্বাৰা নিৰ্মিত এটা বান্ধ ভাঙি যোৱাৰ লগতে দৰভংগা কমতৌল ৰেলৱে লাইনো বানৰ ফলত ক্ষতিগ্ৰস্ত হয় ৷ বানৰ ফলত ৰাজ্যখনৰ 30 টা উন্নয়ন খণ্ডৰ 147 খন পঞ্চায়ত ক্ষতিগ্ৰস্ত হৈছে ৷ বিহাৰৰ দুৰ্যোগ নিয়ন্ত্ৰণ বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷ ৰাজ্যখনৰ সীমামঢ়ী, শিৱহৰ, সুপৌল, কিশানগঞ্জ, দৰভংগা, মুজফৰপুৰ, গোপালগঞ্জ আৰু পূৱ চম্পাৰণ জিলাৰ 30টা উন্নয়ন খণ্ডৰ অন্তৰ্গত 147 টা পঞ্চায়ত কম-বেছি পৰিমানে বানৰ কৱলত পৰিছে ৷

বানৰ কৱলত পৰা এখন গাঁও
বানৰ কৱলত পৰা এখন গাঁও

আনহাতে বানপীড়িত ৰাইজৰ বাবে বিহাৰত স্থাপন কৰা হৈছে সামূহিক পাকঘৰ ৷ সুপৌল আৰু গোপালগঞ্জত দুটাকৈ সাহাৰ্য শিৱিৰ স্থাপন কৰা হৈছে য'ত 1,063 গৰাকী লোকে আশ্ৰয় লৈ আছে ৷ ইয়াৰ উপৰিও গোপালগঞ্জত 8টা, সুপৌলত 2টা আৰু দৰভংগাত 11টা সামূহিক পাকঘৰ স্থাপন কৰা হৈছে ৷ সৰ্বমুঠ 11টা সামূহিক পাকঘৰৰ দ্বাৰা দৈনিক 11,000 লোকক খাদ্য প্ৰদান কৰা হৈছে ৷ ৰাজ্যখনত সৰ্বাধিকসংখ্যক 218,000 গৰাকী লোক বানৰ ফলত প্ৰভাৱিত হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ বৰপেটাৰ জনীয়া আৰু বাঘবৰত অপৰিৱৰ্তিত বান পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.