ইন্টাৰনেশ্বনেল ডেস্ক, 16 নৱেম্বৰ : ভূটানৰ বৈদেশিক মন্ত্ৰী তাণ্ডি দৰ্জীয়ে 5 দিনীয়া ভ্ৰমণসূচীৰে 17 নৱেম্বৰত ভাৰতত উপস্থিত হ'ব ৷ শনিবাৰে পুৱাৰ ভাগত নতুন দিল্লীত উপস্থিত হ'ব চুবুৰীয়া দেশখনৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ বিয়লি ভাগত ভাৰতৰ বৈদেশিক সচিব বিজয় গোখালেৰ সৈতে এক আলোচনাত মিলিত হ'ব তাণ্ডি দৰ্জী ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷
18 নৱেম্বৰত দৰ্জীয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰৰ সৈতে হাইদৰাবাদ হাউছত এক আলোচনাত মিলিত হ'ব ৷ উল্লেখ্য যে, বৈদেশিক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে জয়শংকৰে জুন মাহত ভূটানলৈ দুদিনীয়া কাৰ্যসূচীৰে ভ্ৰমণ কৰিছিল ৷
মঙলবাৰে তাণ্ডি দৰ্জীয়ে বিহাৰৰ বুদ্ধগয়ালৈ দুদিনীয়া এক কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উৰা মাৰিব ৷ ইয়াৰ পাচতে বৃহস্পতিবাৰে তেওঁ পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধনখাৰ আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে মিলিত হ'বৰ বাবে কলিকতা ভ্ৰমণ কৰিব ৷ শুকুৰবাৰে তেওঁ কলিকতাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷
23 নৱেম্বৰত তাণ্ডি দৰ্জীয়ে নিজ দেশলৈ উভটি যাব ৷