ETV Bharat / bharat

কৰ'ণা ভাইৰাছ পৰীক্ষণৰ নতুন পদ্ধতি আৱিষ্কাৰৰ দাবী BHUৰ

author img

By

Published : Mar 31, 2020, 7:35 PM IST

কৰ'ণা ভাইৰাছৰ পৰীক্ষণৰ ক্ষেত্ৰত নতুন পদ্ধতি আৱিষ্কাৰৰ দাবী বানাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ Molecular and Human Genetics বিভাগৰ ।

কৰ'ণা ভাইৰাছ পৰীক্ষণৰ নতুন পদ্ধতি আৱিষ্কাৰৰ দাবী BHUৰ
কৰ'ণা ভাইৰাছ পৰীক্ষণৰ নতুন পদ্ধতি আৱিষ্কাৰৰ দাবী BHUৰ

নিউজ ডেস্ক, ৩১ মাৰ্চঃ বিশ্বত সন্ত্ৰাস হিচাপে থিয় দিছে মহামাৰী কৰ'ণা ভাইৰাছ তথা কোভিড-১৯ য়ে । ভাৰততো এই ভাইৰাছৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে । এই ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সমগ্ৰ দেশত লকডাউন ঘোষণা কৰা হৈছে । বিভিন্ন বিজ্ঞানীয়ে এই ভাইৰাছক লৈ পৰীক্ষা চলাই থকাৰ মাজতেই এই ভাইৰাছৰ পৰীক্ষণৰ ক্ষেত্ৰত নতুন পদ্ধতি আৱিষ্কাৰৰ দাবী কৰিছে বানাৰছ হিন্দু বিশ্ববিদ্যালয়ে । এই বিশ্ববিদ্যালয়ৰ Molecular and Human Geneticsবিভাগটোৱে এই দাবী কৰি ৫-৬ ঘণ্টাৰ ভিতৰতেই ফলাফল লাভ কৰিব পৰা যাব বুলি উল্লেখ কৰিছে ।

বিভাগটোৰ সহকাৰী অধ্যাপক ড০ গীতা ৰায়ে জনায় যে, তেওঁলোকে কেৱল কোভিড-১৯ ত থকা প্ৰ'টিনৰ অনুক্ৰমক লক্ষ্য কৰাৰ চেষ্টা কৰিছে । যিটো অন্য কোনো বীজাণুৰ ষ্ট্ৰেইনত নাথাকে । আশা কৰা হৈছে এই পৰীক্ষণেৰে কোভিড-১৯ ৰ উপস্থিতি ধৰা পেলোৱা যাব । যিটোৱে সঠিক ফলাফল দিবলৈ সক্ষম হ'ব । ডলী দাস, খুছবুপ্ৰিয়া, হিৰল ঠাকুৰ আৰু গীতা ৰায়ৰ নেতৃত্বত এটা মহিলা দলৰ দ্বাৰা তৈয়াৰ কৰা হ'ব বুলি উল্লেখ কৰে । ৰায়ে লগতে কয়, যোৱা ২৭ মাৰ্চত এটা পেটেন্টত তৈয়াৰ কৰা হৈছে । অৱশ্যে সেইটো তেতিয়া হে সফল হ'ব যেতিয়া National Institute of Virology (NIV) দ্বাৰা মান্যতা প্ৰদান কৰা হ'ব । ইয়াৰ লগতে ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ (ICMR)ৰো অনুমোদনৰ প্ৰয়োজন আছে বুলি জনায় ।

লগতে চাওক- লকডাউনঃ হেল্পলাইন নাম্বাৰত ৰছগোল্লা, পান, পিজ্জা বিচাৰি হাহাকাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.