ETV Bharat / bharat

বাংগালুৰুত সক্ৰিয় COVID-19 কন্টেইনমেন্ট জ'নৰ সংখ্যা 3,181 লৈ বৃদ্ধি - স্বাস্থ্য বিভাগ

বুধবাৰে বাংগালুৰুত COVID কন্টেইনমেন্ট জ'নৰ সংখ্যাই 3 হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে ৷ কৰ্ণাটকৰ মুঠ সক্ৰিয় ঘটনাৰ 60 শতাংশ কেৱল বাংগালুৰুৰ ৷

COVID কন্টেইনমেন্ট জ'ন
বাংগালুৰুত সক্ৰিয় COVID-19 কন্টেইনমেন্ট জ'নৰ সংখ্যা 3,181 লৈ বৃদ্ধি
author img

By

Published : Jul 9, 2020, 8:24 AM IST

নেশ্যনেল ডেস্ক, 9 জুলাই : বাংগালুৰুত দিনক দিনে বৃদ্ধি পাইছে কন্টেইনমেন্ট জ'নৰ সংখ্যা ৷ কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পোৱা বাবে বুধবাৰ পৰ্যন্ত কেৱল বাংগালুৰুতে 3,181 টা হ'লগৈ কন্টেইনমেন্ট জ'নৰ সংখ্যা ৷

সক্ৰিয় হৈ থকা অধিক সংখ্যক কন্টেইনমেন্ট জ'ন দক্ষিণ আৰু পূৱ বাংগালুৰুৰ ৷ যোৱা 8 দিনত সক্ৰিয় কন্টেইনমেন্ট জ'নৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে ৷

মে'ৰ অন্তত বাংগালুৰুত 358 টা সক্ৰিয় ঘটনাৰ পৰা 30 জুন পৰ্যন্ত 4,555 লৈ বৃদ্ধি পাইছিল ৷ আনহাতে, বুধবাৰ পৰ্যন্ত এই সংখ্যা 12,509 হয়গৈ ৷ কেৱল বুধবাৰৰ দিনাই বাংগালুৰু চহৰত কৰ'ণা আক্ৰান্ত হৈছে 1,148 গৰাকী ৷ ৰাজ্যখনত আক্ৰান্ত 2,062 টা ঘটনাৰ আধাসংখ্যকৰো অধিক বাংগালুৰু চহৰৰ ৷

যোৱা দহ দিনত বাংগালুৰুত আক্ৰান্ত হৈছে 9,189 গৰাকী ৷ আন মেট্ৰ' পলিটান চহৰ দিল্লীত (1.02 লাখ), মুম্বাই (86,509) আৰু চেন্নাই (71,230), কলকাতা (7,680) আক্ৰান্তৰ সংখ্যা ৷

ইপিনে, বাংগালুৰু চহৰত যোৱা 24 ঘন্টাত 418 গৰাকী আৰোগ্য হৈ উঠিছে যদিও মৃত্যু হৈছে 23 গৰাকীৰ ৷

স্বাস্থ্য বিভাগে বৰ্তমানলৈকে 1.53 লাখ লোকক পৰীক্ষণ চলাইছে ৷ বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ এটা দলে ৰাজ্যখনৰ tele-ICU programme পৰ্যালোচনা কৰে আৰু কে. জি. জেনেৰেল হাস্পতাল পৰিদৰ্শন কৰে৷ ইয়াৰ পূৰ্বেও ব্ৰুহাট বাংগালুৰু মহানগৰ পালিকা ৱাৰ ৰুম পৰিদৰ্শন কৰে আৰু মুখ্যমন্ত্ৰী বি. এছ. য়েডিয়ুৰাপ্পাৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : সন্ত্ৰাসবাদী আক্ৰমণত নিহত কাশ্মীৰ বিজেপিৰ প্ৰাক্তন সভাপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.