ETV Bharat / bharat

৮,৪০০ কোটিৰ প্ৰত্যক্ষ লাভ অস্বীকাৰ পশ্চিমবংগৰ কৃষকৰঃ ৰাজ্যপাল

author img

By

Published : Nov 25, 2020, 4:09 PM IST

প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আঁচনি কাৰ্যকৰী কৰিবলৈ প্ৰশাসন অমান্তি হোৱা বাবে ১২,০০০ টকাৰ প্ৰত্যক্ষ লাভৰ পৰা বঞ্চিত পশ্চিমবংগৰ খেতিয়ক । বুধবাৰে টুইটযোগে এই কথা প্ৰকাশ কৰে ৰাজ্যপাল জগদীপ ধনখাৰে ।

৮,৪০০ কোটিৰ প্ৰত্যক্ষ লাভ অস্বীকাৰ পশ্চিমবংগৰ কৃষকৰ

নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ: পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখাৰে বুধবাৰে কয় যে, ৰাজ্য চৰকাৰৰ বিবাদপূৰ্ণ স্থিতিৰ বাবে প্ৰধানমন্ত্ৰী কিষান আঁচনিৰ অধীনৰ ৮,৪০০ কোটিৰ প্ৰত্যক্ষ লাভ ল'বলৈ অস্বীকাৰ কৰিছে পশ্চিমবংগৰ কৃষকসকলে । ৰাজ্যখনত প্ৰশাসনে প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আঁচনি কাৰ্যকৰী নকৰাৰ বাবে প্ৰতিগৰাকী কৃষকে ১২,০০০ টকাৰ লাভ কৰাৰ পৰা বঞ্চিত হৈছে । তেওঁ টুইটযোগে কয় যে, মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনৰ ভুলৰ বাবে ৮,৪০০ কোটিৰ প্ৰত্যক্ষ লাভৰ পৰা দৰিদ্ৰ খেতিয়সকল বঞ্চিত হ'বলগীয়া হৈছে ।

মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় কৃষি মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত লিখিছিল যে, 'ৰাজ্য চৰকাৰৰ মাধ্যমেৰে ধনৰাশিৰ লেন-দেন হ'লেহে, প্ৰধানমন্ত্ৰী কিষান আঁচনি পশ্চিমবংগত ৰূপায়ণ কৰিবলৈ দিয়া হ'ব ।' ২০১৮ চনৰ ডিচেম্বৰ মাহত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী কিষান যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক তিনিটা কিস্তিযোগে ৬,০০০ টকাকৈ মুঠ ১২,০০০টকা প্ৰতিগৰাকী কৃষকলৈ আগবঢ়াই আহিছে । এই আঁচনি পশ্চিমবংগত কাৰ্যকৰী নকৰাৰ বাবে আৰু বৃহত্ পৰিমাণৰ ধনৰাশি লাভৰ পৰা ৭০ লাখ কৃষকক বঞ্চিত কৰাৰ বাবে ৰাজ্যপাল জগদীপ ধনখাৰে পূৰ্বেও তৃণমূল কংগ্ৰেছক সমালোচনা কৰিছিল ।

লগতে পঢ়ক:আহমেদ পেটেল : কংগ্ৰেছৰ এগৰাকী সুদৃঢ় স্তম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.