ETV Bharat / bharat

'স্বৰ্নিম বিজয়' এইবাৰ বিটিং ৰিট্ৰিটৰ মূল আকৰ্ষণ - স্বৰ্নিম বিজয়

বিজয় চকত ভাৰতীয় সেনাৰ পৰম্পৰাগত বিটিং ৰিট্ৰিট অনুষ্ঠানৰ এইবাৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ১৯৭১ চনৰ বিজয়ৰ ৫০ বছৰৰ স্মৃতিত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । লেফটেনেণ্ট কৰ্ণেল বিমল যোশী আৰু হাবিলদাৰ জীৱন ৰাচাইলিৰ নেতৃত্বত হ'ব 'স্বৰ্নিম বিজয়' শীৰ্ষক এই বিশেষ কাৰ্যসূচী ।

'স্বৰ্নিম বিজয়' এইবাৰ বিটিং ৰিট্ৰিটৰ মূল আকৰ্ষণ

author img

By

Published : Jan 28, 2021, 4:10 PM IST

নিউজ ডেস্ক , ২৮ জানুৱাৰী : গণতন্ত্ৰ দিৱসৰ আনুষ্ঠানিক সমাপ্তিৰ প্ৰতি লক্ষ্য়ৰাখি প্ৰতি বছৰে ২৯ জানুৱাৰীত বিজয় চকত ভাৰতীয় সেনাৰ পৰম্পৰাগত বিটিং ৰিট্ৰিট অনুষ্ঠানৰ আয়োজন কৰা হয় । এইবছৰো বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হব এই অনুষ্ঠান । এইবছৰ বিটিং ৰিট্ৰিত অনুষ্ঠানত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ১৯৭১ চনৰ বিজয়ৰ ৫০ বছৰৰ স্মৃতিত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । ২৯ জানুৱাৰীত বিজয় চকৰ অনুষ্ঠানত 'স্বৰ্নিম বিজয়' শীৰ্ষক এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হব । দ্ৰুত যাত্ৰাৰ সময়ত লেফটেনেণ্ট কৰ্ণেল বিমল যোশী আৰু হাবিলদাৰ জীৱন ৰাচাইলিৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ণ কৰিব ।

ইয়াৰ লগতে এই বছৰ কেইবাটাও নতুন কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে । তাৰ ভিতৰত বায়ু সেনাৰ বেণ্ডত থাকিব তিৰঙ্গা সেনানী আৰু নিদা যোদ্ধা, নৌসেনাৰ বেণ্ডত থাকিব ভাৰত বন্দনা , আৰ্মী মিল বেণ্ডত থাকিব গৰুড় প্ৰহাৰ আৰু সম্বোধন ইকো আৰু মেছড বেণ্ডত থাকিব ভাৰত কে জৱান ।

বিটিং ৰিট্ৰিত অনুষ্ঠানত এইবাৰ ভাৰতীয় সেনা, নৌবাহিনী আৰু ভাৰতীয় বায়ু সেনাৰ বেণ্ডত মুঠ ৬০ গৰাকী বুগলাৰ , ১৭ টা শিঙা বাদক আৰু ৬০ গৰাকী ড্ৰামাৰ থাকিব । লগতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু দিল্লী আৰক্ষীৰ বেণ্ডে অংশগ্ৰহণ কৰিব । তদুপৰি পঞ্জাৱ ৰেজিমেন্ট আৰু ৰাজপুতনা ৰাইফলছৰ ২০ টা বেণ্ডেও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাজপুত ৰেজিমেন্টৰ মুঠ ২৫ টা বেণ্ড, বিহাৰ ৰেজিমেন্টৰ ১৯ টা বেণ্ড আৰু গোৰ্খা ৰেজিমেন্টৰ অতিকমেও ৭ টা বেণ্ডে ভাগ লব বিটিং ৰিট্ৰিত অনুষ্ঠানত । ইফালে অনুষ্ঠানত মুখ্য় অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ ।

লগতে পঢ়ক :নেশ্বনেল জিঅ’গ্ৰাফিক চেনেলত প্ৰদৰ্শিত হ’ব অৰুণাচল প্ৰদেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.