ETV Bharat / bharat

মমতাৰ সৈতে বাৰ্তালাপ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ, বুজ ল'লে ক্ষয়-ক্ষতিৰ

author img

By

Published : May 23, 2020, 10:07 AM IST

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই ফোনৰ জৰিয়তে বাৰ্তালাপ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে । আম্ফানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে দুৰ্যোগৰ ফলত হোৱা লোকচানৰ বাবে সহমৰ্মিতা প্ৰকাশ কৰে ।

মমতাৰ সৈতে বাৰ্তালাপ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, 23 মে': বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে ফোনৰ জৰিয়তে বাৰ্তালাপ কৰে আৰু আম্ফান নামৰ ঘূৰ্ণী বতাহৰ ফলত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে খবৰ লয় । এই কথা অৱগত কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰেছ সচিব ইছানুল কৰিমে ।

কৰিমে কয় যে প্ৰধানমন্ত্ৰী হাচিনাই মানুহৰ জীৱন আৰু সম্পদৰ লোকচানৰ বাবে পশ্চিমবংগৰ হকে সহমৰ্মিতা প্ৰকাশ কৰিছে । উল্লেখ্য যে, বুধবাৰে ঘূৰ্ণী বতাহ আম্ফানে ভাৰতৰ উড়িশা আৰু পশ্চিমবংগৰ লগতে বাংলাদেশৰ উপকূলীয় অংশতো খুন্দা মাৰিছিল ।

ইয়াৰ ফলত প্ৰচুৰ পৰিমানে ক্ষতিগ্ৰস্ত হৈছিল পশ্চিম বংগ । ৰাজ্যখনত অতি কমেও 72 জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে লোকচান হৈছে বৃহৎ সংখ্যক সম্পত্তিৰ । ইফালে বাংলাদেশৰো 26 খন জিলাত প্ৰভাৱ পেলাইছে আম্ফানে । বাংলাদেশৰ মুদ্ৰাৰ হিচাপত লোকচান হৈছে 1100 কোটি টকাৰ সম্পত্তি । আনহাতে অতি কমেও মৃত্যু হৈছে 20 গৰাকী লোকৰ ।

ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, দেশখনৰ দক্ষিণ পশ্চিম আৰু উত্তৰ পশ্চিম অঞ্চলৰ প্ৰায় 1 কোটি লোক প্ৰভাৱিত হৈছে । আম্ফান যোৱাৰ পাচৰে পৰা বিজুলী যোগান ব্যাহত হৈ আছে অঞ্চলটোত । প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই কতৃপক্ষক নিৰ্দেশ দি অঞ্চল সমূহৰ ক্ষতিৰ বুজ লৈ ধন আদায় দিয়াৰ লগতে সাহাৰ্য দিবলৈ কৈছে আৰু গৃহহীন হৈ পৰা সকলক ঘৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.