ETV Bharat / bharat

দেশৰ ভিতৰতে প্ৰথমবাৰলৈ বেংগালুৰুত হ'ব চাইবাৰ নিয়ন্ত্ৰণ কক্ষ - Cyber control room

চাইবাৰ অপৰাধত বিৰাম লগোৱাৰ বাবে বেংগালুৰু আৰক্ষীৰ বিশেষ পদক্ষেপ ৷ দেশৰ ভিতৰতে প্ৰথমবাৰলৈ বেংগালুৰুত স্থাপন হ'ব চাইবাৰ নিয়ন্ত্ৰণ কক্ষ ৷

চাইবাৰ নিয়ন্ত্ৰণ কক্ষ
চাইবাৰ নিয়ন্ত্ৰণ কক্ষ
author img

By

Published : Nov 1, 2020, 8:53 PM IST

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ: বেংগালুৰুত এটা চাইবাৰ নিয়ন্ত্ৰণ কক্ষ খুলিবৰ বাবে আগুৱাই আহিছে নগৰ আৰক্ষী ৷ তেওঁলোকে চাইবাৰ অপৰাধত এক বিৰাম লগাবৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিছে ৷

বহুতে যিকোনো ঠাইত বহি অনলাইন ডেবিট কাৰ্ড ফ্ৰ'ড, অ'টিপি, ৰিৱাৰ্ড ল্যুৰ আদি কৰি আহিছে ৷ এনে পৰিস্থিতিত বেংকৰ একাউণ্টসমূহ তৎক্ষণাত বন্ধ কৰি দিব লাগে ৷ কিন্তু যদিহে বেংকৰ একাউণ্টৰ পৰা টকা পূৰ্বৰ পৰাই ট্ৰান্সফাৰ হৈ যায় তেন্তে কি কৰিব ? এনে ধৰণৰ প্ৰশ্নৰ উত্তৰ চাইবাৰ অপৰাধ নিয়ন্ত্ৰণত পোৱা যায় ৷

চাইবাৰ অপৰাধ কেন্দ্ৰ সেইসকল লোকৰ বাবে খোলা হৈছে যিসকলে টকা হেৰুৱায়, আৰক্ষীক অভিযোগ কৰে আৰু বেংকৰ একাউণ্টটো বন্ধ কৰি দিয়ে ৷ একাউণ্টসমূহ ব্লক কৰিবলৈ যোৱাৰ সময়ত বেংকসমূহে অভিযোগ বিচাৰে ৷ কিন্তু এজাহাৰ দাখিল কৰাৰ সময়লৈ টকা লুট কৰি লৈ যোৱা হয় ৷ এই ক্ষেত্ৰত অভিযোগ দিয়াৰ পাচতে সেই কামৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷ নিয়ন্ত্ৰণ কক্ষই এই সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত কাম কৰিব ৷

হোৱাটচ্ এপৰ মেছেজৰ জৰিয়তেই অভিযোগ দাখিল কৰা হ'ব ৷ যদি কোনো অচিনাক্ত ব্যক্তিৰ দ্বাৰা ধন ওলোৱা হয় তেন্তে গ্ৰাহকে ধন নিয়াৰ ঠিক পাচতেই নিয়ন্ত্ৰণ কক্ষত অভিযোগ কৰিব পাৰিব ৷ তৎক্ষণাত নিয়ন্ত্ৰণ কক্ষৰ লোকে সম্বন্ধিত বেংকৰ একাউণ্টটো বন্ধ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিব ৷ তাৰ পাচত আপুনি থানাত গৈ অভিযোগ কৰিব পাৰিব ৷ উপভোক্তাৰ ধন সুৰক্ষাৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানৰ সহযোগত ছফ্টৱেৰ বিকাশ কৰি থকা হৈছে ৷ নগৰ আয়ুক্ত কমল পণ্টে উল্লেখ কৰা অনুসৰি, এতি শীঘ্ৰেই বেংগালুৰুত স্থাপন কৰা হ'ব নিয়ন্ত্ৰণ কক্ষ ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ বায়'পিকৰ পুনৰ মুক্তিয়ে নিৰ্বাচনত প্ৰভাৱ নেপেলায়: নিৰ্বাচন আয়োগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.