নেশ্যনেল ডেস্ক, 23 ছেপ্টেম্বৰঃ সেনা প্ৰমুখ জেনেৰেল বিপিন ৰাৱটে সোমবাৰে জনাই যে, বালাকোটত সন্ত্ৰাসবাদীৰ পুনৰুত্থান ঘটিছে ৷ 500 টা সন্ত্ৰাসবাদী ভাৰতত যি কোনো মুহুৰ্ত্তত প্ৰৱেশ কৰিবলৈ সাজু হৈ আছে ৷ তেওঁ জনাই যে, বালাকোটত সন্ত্ৰাসবাদীৰ ঘাটিৰ পুনৰুত্থানে এই কথা প্ৰমান কৰে যে পাকিস্তানে এই শিবিৰসমূহ আকৌ গঢ়ি উঠাত সহায় কৰিছে ৷ তেওঁ জনাই যে ভাৰতে বালাকোট এয়াৰ ষ্ট্ৰাইকৰ সময়ত সকলো সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিছিল ৷
সেনা প্ৰমুখজনে আৰু কয় যে, পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰি সন্ত্ৰাসবাদীক ভাৰতত প্ৰবেশ কৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷
কাশ্মীৰ সন্দৰ্ভত তেওঁক প্ৰশ্ন কৰাত তেওঁ কয় যে, কাশ্মীৰ উপত্যকাৰ লগত পাকিস্তানত থকা সন্ত্ৰাসবাদী গোটসমূহৰ সংযোগ বিচ্ছিন্ন হৈছে কিন্তু সাধাৰণ লোকৰ মাজত কোনো সংযোগ ব্যাহত হোৱা নাই ৷