ETV Bharat / bharat

দেশৰক্ষাৰ হেতু ভাৰতীয় সৈন্যই সীমা পাৰ কৰিবলৈও কুণ্ঠাবোধ নকৰেঃ ৰাজনাথ সিং

2019 বৰ্ষৰ আজিৰ দিনটেতেই ভাৰতীয় বায়ুসেনাই আকাশমাৰ্গেৰে পাকিস্তানৰ বালাকোটত বোমা বিস্ফোৰণ কৰি প্ৰতিশোধৰ পূৰণৰ আজি এবছৰৰ দিনটোত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ভাৰতীয় বায়ুসেনাৰ প্ৰমুখ বি.এচ.ধানোৱাৰৰ মন্তব্য ৷ বালাকোটৰ এই সফলতাৰ বাবে ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টুইটযোগে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বায়ুসেনাৰ প্ৰমূখ ধানোৱাই এই আক্ৰমণৰ পিছত ভাৰতৰ সফলতাৰ কথা ব্যক্ত কৰে ৷

author img

By

Published : Feb 26, 2020, 2:09 PM IST

Balakot airstrike 1st anniversary: We look back with satisfaction, says former IAF chief Dhanoa
দেশৰক্ষাৰ হেতু ভাৰতীয় সৈন্য সীমা পাৰ কৰিবলৈও কুণ্ঠাবোধ নকৰেঃ ৰাজনাথ সিং

নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰীঃ 2019 বৰ্ষৰ আজিৰ দিনটেতেই ভাৰতীয় বায়ুসেনাই আকাশমাৰ্গেৰে পাকিস্তানৰ বালাকোটত বোমা বিস্ফোৰণ কৰি প্ৰতিশোধ পূৰণ কৰিছিল ৷ বালাকোটৰ এই আক্ৰমণৰ সফলতাৰ প্ৰথম বাৰ্ষিকীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীক আক্ৰমণ আৰু দেশৰক্ষাৰ হেতু সীমা পাৰ কৰিবলৈও কুণ্ঠাবোধ নকৰে বুলি মন্তব্য কৰে ৷

বিগত বৰ্ষৰ 14 ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা পুলৱামা আক্ৰমণত শ্বহীদ হোৱা 40 গৰাকী চি আৰ পি এফ জোৱানৰ প্ৰতিশোধ পূৰণৰ হেতু 2019 চনৰ 26 ফেব্ৰুৱাৰীত ভাৰতীয় বায়ু সেনাই আকাশমাৰ্গেৰে পাকিস্তানৰ বালাকোটৰ সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ শিবিৰ এটাত আক্ৰমণ কৰিছিল ৷ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কৰা এই সফল প্ৰতিশোধ অভিযানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক টুইটযোগে ধন্যবাদ জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ 2016 চনত ভাৰতে সফলভাৱে কৰা চাৰ্জিকেল ষ্ট্ৰাইক আৰু 2019 চনৰ এয়াৰ ষ্ট্ৰাইকৰ সফলতাৰ বাবে ভাৰতক এখন আত্মবিশ্বাসী ভাৰত হিচাপে গঢ়ি তোলাত সহায় কৰিছে বুলিও তেওঁ টুইটযোগে প্ৰকাশ কৰে ৷

বালাকোটৰ সফলতাৰ বাৰ্ষিকীত ভাৰতীয় বায়ুসেনাৰ প্ৰমুখ বি.এচ.ধানোৱাই মত প্ৰকাশ কৰি কয় যে, সন্ত্ৰাসবাদীক আমি ‘ভিতৰত সোমাই মাৰিম’ এই বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছিলো, অন্যথা আমি আমাৰ ঠাইৰ পৰাও আক্ৰমণ কৰিব পাৰিলোহেতেন ৷ তেওঁ কয় যে, ‘‘এই সফলতাই অতি সোনকালে এবছৰ অতিক্ৰম কৰিলে আৰু আমি ইয়াৰ পৰা শিকিবলৈ আৰু ন ন সামগ্ৰীৰ উদঘাটন কৰিবলৈ সুযোগ পাইছো ৷’’ বালাকোটৰ এই সফলতা আচলতে আমাৰ অভিযানৰ অন্য এক চেষ্টা আছিল বুলি ক’ব পাৰি আৰু এই ঘটনাৰ পিছত ভাৰতবৰ্ষত এতিয়ালৈকে কোনো ডাঙৰ আক্ৰমণ হোৱা নাই,কিয়নো এই ঘটনাক লৈ সন্ত্ৰাসবাদীৰ ভাৰতৰ প্ৰতি ভয় ভাৱ আহিছে ৷ ভাৰতীয় বায়ুসেনাৰ প্ৰমুখ ধানোৱাই এইদৰে মন্তব্য কৰে ৷

লগতে পঢ়কঃকেবিনেট সমিতিৰ সৈতে বৈঠকত মিলিত হ'ব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডভাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.