ETV Bharat / bharat

উত্তৰাখণ্ডত "বাগৱাল" উৎসৱঃ আহত 120 গৰাকী ভক্ত - "বাগৱাল"

প্ৰতিবছৰে ৰাজ্যখনৰ চম্পাৱটৰ মা বৰাহী দেৱী মন্দিৰত ৰাখী বন্ধন উপলক্ষে অনুষ্ঠিত হয় এই উৎসৱ ৷ উৎসৱত দুটা ফৈদৰ মাজত দেৱীৰ আৰ্শীবাদ বিচাৰি পম্পৰাগত ভাৱে হয় শিলাবৰ্ষণ ৷ প্ৰতিবছৰৰ দৰে এইবাৰো শিলাবৰ্ষণত আহত হয় প্ৰায় 120 গৰাকী লোক ৷

সমাপ্ত হল "বাগৱাল" উৎসৱ
author img

By

Published : Aug 16, 2019, 7:11 PM IST

নেচনেল ডেক্স, 16 আগষ্ট: পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডৰ চম্পাৱট অঞ্চলত থকা মা বৰাহী দেৱী মন্দিৰত প্ৰত্যেক বছৰৰ দৰে এই বছৰো ৰাখি বন্ধন উপলক্ষে অনুষ্ঠিত হৈ যায় "বাগৱাল" শিল বৰ্ষণ উৎসৱ ৷ এইবাৰ "বাগৱাল" উদযা্পন কৰি আঘাত প্ৰাপ্ত হয় 120 জনকৈ লোক ৷

উত্তৰাখণ্ড: সমাপ্ত হল "বাগৱাল" উৎসৱ

কি এই "বাগৱাল" উৎসৱ?

এই উৎসৱৰ ইতিহাস বহু পুৰণি ৷ এই "বাগৱাল" উৎসৱত মূলত দুটা ফৈদৰ মাজত শিলাবৰ্ষণ সংঘটিত হয় ৷ দুয়োটা দলে নাচি-বাগি এই শিলাবৰ্ষণত অংশ গ্ৰহণ কৰে ৷ অংশগ্ৰহণকাৰী সকলে নিজকে শিলাবৰ্ষণৰ পৰা ৰক্ষা কৰিবলৈ কাঠেৰে তৈয়াৰী ধাল ব্যৱহাৰ কৰে যদিও তেওলোকে আঘাতৰ কথাক কোনো বিশেষ গুৰুত্ব নিদিয়ে কিয়নো ভক্ত সকলে বিশ্বাস কৰে যে এই শিলৰ দ্বাৰা আঘাত প্ৰাপ্ত হলে তেওলোকে বৰাহী দেৱীৰ আৰ্শীবাদ লাভ কৰে ৷ কিন্তু মন কৰিব লগীয়া যে "বাগৱাল" অংশ গ্ৰহণ কৰিবলৈ আহি আজিলৈকে কোনো এজন ভক্তৰেই মৃত্যু হোৱা নাই ৷

etb bharat assam
শিলাবৰ্ষণত আহত 120 জন লোক

বিখ্যাত বাঘ চিকাৰী জিম কৰবেটৰ "টেম্পল টাইগাৰ" নামৰ বিখ্যাত গল্পটোও এই উৎসৱৰ বিষয়ে আভাষ পোৱা যায় ৷ লোক বিশ্বাস মতে ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আৰু ওখ-ওখ পাইন গছে আৱৰি থকা মন্দিৰটোত চৌহদত থকা বৃহৎ আকাৰৰ শিলবোৰ পাণ্ডৱ সকলে বল হিচাপে ব্যৱহাৰ কৰিছিল ৷ আনহাতে মন্দিৰটোত থকা দেৱীৰ মূৰ্তিটো কাকো খালী চকুৰে চাবলৈ দিয়া নহয় ৷ আন এক লোক প্ৰবাদ অনুসৰি খালী চকুৰে দেৱীৰ মূৰ্তিটো চালে চোৱাজনৰ দৃষ্টি শক্তি লোপ পায় ৷

"বাগৱাল" উৎসৱৰ গুৰুত্ব

লোক প্ৰবাদ অনুসৰি প্ৰত্যেক বছৰ খামৰ এজন ব্যক্তিক দেৱীৰ বাবে বলি দিয়া হৈছিল ৷ এই খাম গাৰোৱাল, শ্যামাল, লাঙগিৰীয়া, আৰু বালিগ' 4টা কুলেৰে গঠিত হৈছিল ৷ এবাৰ এগৰাকী অকলশৰীয়া বৃদ্ধাই নিজৰ একমাত্ৰ নাতিনীয়েকক দেৱীলৈ আগবঢ়োৱাৰ পাল পৰিল, অনিচ্চাসত্তেও বৃদ্ধাগৰাকীয়ে নিজৰ নাতিনীয়েকক দেৱীলৈ বুলি আগবঢ়ালে ৷ কিন্তু বৃদ্ধাৰ এই অৱস্থা দেখি দেৱীৰ দয়া উপজে আৰু দেৱীয়ে বুঢ়ীৰ একমাত্ৰ নাতিনীয়েকক উভতাই দি কয় যে প্ৰত্যক বছৰ দেৱীক এজন মানুহৰ পৰা গড়ে যিমান পাৰে সিমান তেজ দান কৰিব লাগিব আৰু তেতিয়াৰ পৰাই উদযা্পন হৈ আহিছে এই "বাগৱাল" উৎসৱ ৷ ভক্ত সকলে শিলৰ আঘাতত ওলোৱা তেজ দেৱীৰ চৰণত দান কৰে ৷ প্ৰায় 20 মিনিট ধৰি চলা এই শিলাবৰ্ষন কেৱল পূজাৰীৰ নিৰ্দেশত হে সমাপ্ত হয় ৷

etv bharat assam
উৎসৱত দুটা ফৈদৰ মাজত দেৱীৰ আৰ্শীবাদ বিচাৰি পম্পৰাগত ভাৱে হয় শিলাবৰ্ষণ

উল্লেখযোগ্য যোৱা বছৰ শিলৰ সলনি ফল-মূল আৰু ফুল বৰ্ষণৰ দ্বাৰা ভক্ত সকলে "বাগৱাল" উদযা্পন কৰিছিল ৷ এই উৎসৱত অংশ লবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ ওপৰিও নেপাল পৰাও যথেষ্ট ভক্ত উত্তৰাখণ্ডলৈ আহে ৷

etv bharat assam
কাঠৰ ঢাল

Intro:Body:

stone planting festival in Uttarkhand 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.