ETV Bharat / bharat

অযোধ্যাত মছজিদ নিৰ্মাণৰ বাবে সাজু বাবৰি মছজিদ ট্ৰাষ্ট

author img

By

Published : Jul 30, 2020, 12:50 PM IST

অযোধ্যা জিলাৰ ধন্নীপুৰ গাঁৱত মছজিদ নিৰ্মাণৰ বাবে সাজু হৈছে বাবৰি মছজিদ ট্ৰাষ্ট ৷ ৰাজ্যখনৰ ছুন্নী কেন্দ্ৰীয় ৱাকাফ ব'ৰ্ডে ইয়াৰ বাবে ইণ্ডো-ইছলামিক সাংস্কৃতিক ফাউণ্ডেছন নামৰ এক ট্ৰাষ্ট গঠন কৰি দিছে ৷

অযোধ্যা জিলাৰ ধন্নীপুৰ গাঁও
অযোধ্যাত মছজিদ নিৰ্মাণৰ বাবে সাজু বাবৰি মছজিদ ট্ৰাষ্ট

নেশ্যনেল ডেস্ক, 30 জুলাই : 5 আগষ্টত উত্তৰ প্ৰদেশ চৰকাৰে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ বাবে সাজু হোৱাৰ সময়তে অযোধ্যা জিলাৰ ধন্নীপুৰ গাঁৱত মছজিদ নিৰ্মাণৰ বাবেও পূৰ্ণগতিৰে কাম আৰম্ভ হৈছে ৷ ৰাজ্যখনৰ ছুন্নী কেন্দ্ৰীয় ৱাকাফ বৰ্ডে ইয়াৰ বাবে ইণ্ডো-ইছলামিক সাংস্কৃতিক ফাউণ্ডেছন নামৰ এক ট্ৰাষ্ট গঠন কৰি দিছে ৷

এই ফাউণ্ডেছনৰ ন্যাসৰক্ষকৰ দায়িত্ব পালন কৰিব ছুন্নী কেন্দ্ৰীয় ৱাকাফ ব'ৰ্ডে ৷ আনহাতে, চেয়াৰমেন জাফৰ ফাৰুকিক মুখ্য ন্যাসৰক্ষকৰ দায়িত্ব প্ৰদান কৰাৰ লগতে আথাৰ হুছেইনক সচিব আৰু মুখপাত্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছে ৷

চেয়াৰমেন জাফৰ ফাৰুকি

চেয়াৰমেন জাফৰ ফাৰুকিয়ে বৰ্তমানলৈকে মুঠ 15 টা ট্ৰাষ্টৰ ভিতৰত 9 টা ট্ৰাষ্টৰ নামহে ঘোষণা কৰিছে ৷ বিতৰ্কিত বাবৰি মছজিদৰ সলনি অন্য স্থানত মাটি দাবী কৰাসকলৰ কিছু লোকক ট্ৰাষ্টৰ অন্তৰ্ভূক্ত কৰাৰ সম্ভাৱনা আছে ৷

ব'ৰ্ডে এক বিবৃতিত কয় যে, বাবৰি মছজিদ ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ছুন্নী কেন্দ্ৰীয় ৱাকাফ ব'ৰ্ডক 5 একৰৰ মাটি প্ৰদান কৰিছিল ৷ মছজিদৰ উপৰি ট্ৰাষ্টৰ অধীনত জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এটা বিল্ডিং নিৰ্মাণ কৰা হ'ব ৷

উল্লেখ্য যে, 5 আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা নিৰ্মাণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ কিন্তু, কিছুসংখ্যক ৰাজনৈতিক দল আৰু নেতাই কৰ'ণা ভাইৰাছৰ সময়ত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক : Exclusive: অযোধ্যাত ৰাম মন্দিৰক প্ৰত্যক্ষ কৰাটো মোৰ সপোন আছিল, কল্যান সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.