মানৱ শৰীৰ বিভিন্ন ৰোগ প্ৰতিৰোধী স্তৰেৰে গঠিত বুলি ক'ব পৰা যায় যি সমূহক দুৰ্বল কৰাত খাদ্যাভ্যাস, অত্যাধিক চিন্তা, আৰু পৰিষ্কাৰ-পৰিচন্নতাৰ অভাৱে মুখ্য ভুমিকা গ্ৰহণ কৰে । বাহ্যিক পৰিস্থিতিতন্ত্ৰৰ পৰা অহা বীজাণুয়ে আমাৰ শৰীৰৰ প্ৰতি অশনি সংকেত আনি মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে । এনেধৰণৰ এক মহামাৰীৰ উৎকৃষ্ট নিদৰ্শন হৈছে হঠাৎ সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোণা ভাইৰাছ । সমগ্ৰ বিশ্বত ১৪০০০ লোক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । উল্লেখযোগ্য যে ২০২০ চনৰ জানুৱাৰীত এই মহামাৰী আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে ভাৰতৰ কেৰেলা ৰাজ্যত ৩ জন ব্যক্তি এই ৰোগত আক্ৰান্ত হৈছে বুলি পৰীক্ষাৰ দ্বাৰা স্পষ্ট হৈছে । ভাৰতবর্ষৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা ঘোষণাত কোৱা হৈছে যে "ভ্ৰমণ পৰামৰ্শাৱলীসমূহ পুনৰীক্ষণ কৰি এইটো স্পষ্ট কৰা হওক যে সদ্যহতে যাতে ভাৰতৰ ব্যক্তি চীনলৈ ভ্ৰমণৰ বাবে নাযায় আৰু যিসকল ব্যক্তি ২০২০ চনৰ জানুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা চীন দেশৰ পৰা ভাৰতলৈ আহিছে তেওঁলোকক পৃথককৈ নিৰীক্ষণৰ মাজত ৰখা যাওক"।
এখন বিখ্যাত গৱেষণাধৰ্মী আলোচনীৰ শেহতীয়া সংখ্যাত প্ৰকাশ পাইছে যে "নতুন ক’ৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ কমাৰ কোনো লক্ষণ দেখা পোৱা নাই । ভাইৰাছ বিশেষজ্ঞ বা বীজাণু বিজ্ঞানীসকলে এই ভাইৰাছৰ দৈহিক বা শাৰীৰিক অবয়ৱৰ নমুনা সংগ্ৰহ কৰিবৰ বাবে যঠেষ্ট প্ৰচেষ্টা চলাই আছে । তেওঁলোকে এই ৰোগৰ ছিটা আৰু ঔষধ আৱিষ্কাৰৰ বাবে চেষ্টা চলাই থকাৰ লগতে, পশুৰ মাজত ৰোগ সংক্ৰমিত কেনেকৈ হয় তাৰ আৰ্হি প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে । ইয়াৰ লগতে ভাইৰাছটো কেনেকৈ সংক্ৰমিত হয় তাৰ জীৱ বৈজ্ঞানিক অধ্যয়নৰো প্ৰচেষ্টা চলাইছে । এই ভাইৰাছৰ ছিটা বা ঔষধ লাভৰ বাবে সময় উকলি যোৱা নাই যদিও সদ্যহতে আমি সম্পূৰ্ণ সুৰক্ষিত বুলি আশ্বস্ত আৰু নিশ্চিত নোহোৱা পৰ্যন্ত আমাক এটা তৎকালীন সমাধানৰ প্ৰয়োজন ।
ক’ৰোণা ভাইৰাছ কি?
মানুহৰ শ্বাসতন্ত্ৰই এশৰো অধিক বীজাণুক আশ্ৰয় দিব পাৰে যিয়ে চৰ্দি, কাহ-পনীলগা জ্বৰ আদি ৰোগৰ সৃষ্টি কৰিব পাৰে । কৰণা ভাইৰাছ এক নতুন ধৰণৰ বীজাণু যিয়ে বহু দশক আগতেই পশুৰ শৰীৰৰ পৰা মানৱ শৰীৰত প্ৰৱেশ কৰিছিল । কৰণা ভাইৰাছৰ চাৰিটা প্ৰকাৰ দেখা পোৱা যায়, ইয়াৰ তিনিটা প্ৰকাৰে মানৱ শৰীৰত প্ৰৱেশ কৰি ক্ষতি সাধন কৰিব পাৰে । গতিকে ইয়াক নতুন বিষয় ৰূপে অভিহিত কৰিব পৰা নাযায় ।
ক’ৰোণা ভাইৰাছৰ উৎপত্তি :
২০০২-০৩ বর্ষত চীনত SARS ( Severe Acute Respiratory Syndrome ) বা" শ্বাস-প্ৰশ্বাসত তীব্ৰ অসুবিধা সম্পৰ্কীয় লক্ষণ সমূহ" শীৰ্ষক মহামাৰীৰ সৃষ্টি হৈছিল, আৰু ইয়াৰ এক দশক পিছত হোৱা MERS (Middle East Respiratory Syndrome) বা "মধ্য পূৱ/প্ৰাচ্য শ্বাস-প্ৰশ্বাস সম্পৰ্কীয় লক্ষণ সমূহো" দৰাচলতে কৰণা ভাইৰাছৰ দ্বাৰা সৃষ্ট। এই দুই গোলকীয় মহামাৰীয়ে শতাধিক লোকৰ প্ৰাণ কাঢ়ি নিছিল বুলি কব পৰা যায় । এইবাৰ চীনৰ য়ুহান অঞ্চলৰ মাংস বজাৰৰ পৰা উৎপত্তি হোৱা এই কৰণা ভাইৰাছে সমগ্ৰ বিশ্বতে বিপদ ঘন্টা বজাই তুলিছে ।
এই বেমাৰৰ লক্ষণসমূহ :
- জ্বৰ
- কাহ
- উশাহ চুটি হোৱা
- অত্যাধিক ঠাণ্ডা লগা
- বুকুৰ বিষ
- সমগ্ৰ শৰীৰৰ বেদনা
- ডিঙিৰ যন্ত্ৰণা
- মন অস্থিৰ আৰু ব্যাকুল অনুভৱ কৰা
- মূৰৰ বিষ
- ডায়েৰীয়া
- ওকালি অহাৰ ভাৱ অহা
- বমি কৰা
গুৰুত্বপূৰ্ণ অসুবিধা সমূহ হ'ল :
- শৰীৰৰ অংগ বা অংগ সমূহ বিকল হৈ পৰা
- নিমুনিয়া হোৱা
ক’ৰোণা ভাইৰাছৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি :
- সঘনাই চাবোনেৰে হাত ধোৱা উচিত ৷
- আধা সিজোৱা খাদ্য পৰিহাৰ কৰাৰ লগতে অপৰিস্কাৰ পৰিৱেশত বনোৱা খাদ্য বৰ্জন কৰিব লাগে ৷
- শাক -পাচলি আৰু ফল- মূল ভালদৰে পৰিষ্কাৰ কৰি খোৱা উচিত ।
- মানুহৰ লগত ওচৰৰ পৰা দৈহিক সংস্পৰ্শ যিমান পাৰি এৰাই চলা, বিশেষকৈ কৰ-মৰ্দনৰ পৰা আঁতৰি থকা ।
- বীজাণু যাতে আমাৰ নাকেৰে শৰীৰত প্ৰৱেশ নকৰে তাৰ বাবে N95 ৰ দৰে মাস্ক বা আৱৰণী ব্যৱহাৰ কৰা
- যিহেতু বীজাণু চকুৰ দ্বাৰা শৰীৰত প্ৰৱেশ কৰে গতিকে চকুত চানগ্লাছ বা গাগলছৰ ব্যৱহাৰ কৰা উচিত ।
- ৰাজহুৱা স্থান সমূহত দুৱাৰৰ বুটাম, হেণ্ডেল আদি এলক'হল যুক্ত পৰিষ্কাৰকৰ দ্বাৰা পৰিস্কাৰ কৰা উচিত ।
- অধিক পানী সেৱন কৰা উচিত ।
কোন সকল অধিক সংক্ৰমণ প্ৰৱন ? :
- মধুমেহ ৰোগী, যকৃতৰ অসুবিধা থকা লোক সকল
- বয়সস্থ লোক সকল
- শিশু
- যাৰ অংগ সংৰোপণ হৈছে আৰু প্ৰতিৰক্ষা নিয়ন্ত্ৰক ঔষধ সেৱন কৰি আছে
- কেঞ্চাৰৰ ৰোগী সকল যিসকলৰ চিকিৎসা চলি আছে
ৰোগৰ প্ৰতিৰোধৰ বাবে আগবঢ়োৱা নিদান :
ভাৰতীয় পৰম্পৰাগত ৰোগ নিদান পদ্ধতি আয়ুৰ্বেদে কৰণা ভাইৰাছে সৃষ্টি কৰা ৰোগৰ দৰে শ্বাস-প্ৰশ্বাস সম্পৰ্কীয় বিভিন্ন ৰোগৰ আৰোগ্য বিধান দি গৈছে । আয়ুৰ্বেদে বাহ্যিক বীজাণুৰ বিপক্ষে আমাৰ শৰীৰৰ সুৰক্ষা তন্ত্ৰক শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়ে । যদিও আয়ুৰ্বেদ এই ভাইৰাছ সম্পৰ্কত অৱগত নহয়, তথাপি বাস্তৱ জ্ঞানৰ দ্বাৰা ই আৰোগ্য নিদান প্ৰদান কৰিব পাৰে ।
ইয়াত আয়ুৰ্বেদিক ভাৱে প্ৰমাণিত ক’ৰোণা ভাইৰাছ সম্পৰ্কীয় কিছু আৰোগ্য বিধি ডাঙি ধৰা হ'ল যিয়ে ক’ৰোণা ভাইৰাছ ৰ আক্ৰমণৰ পৰা প্ৰতিৰক্ষা প্ৰদান কৰিব । ইয়াত বিভিন্ন উপায় দিয়া হৈছে । তাৰ যিকোনো এটা উপায় গ্ৰহণ কৰি এই বীজাণুৰ পৰা ৰক্ষা পাব পাৰি । ওপৰত উল্লেখ কৰা সাৱধানতা সমূহ নিদান লাভ কৰাৰ আগতে ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় । ১২ বছৰৰ তলৰ শিশু সকলৰ বাবে ঔষধৰ পৰিমাণ আধাই যথেষ্ট ।
১. সদাংগ পানীয়মঃ ১০ ৰ পৰা ১৫ দিনৰ বাবে সদায় ৰাতিপুৱা আহাৰৰ আগত ১৫ মিলিলিটাৰ কৈ গ্ৰহণ কৰিব ।
২. অগস্ত হৰিটকি ৰসায়নঃ খোৱাৰ আগত ৫ গ্ৰামকৈ দিনে দুবাৰ ১০-১৫ দিনৰ বাবে ।
৩. হাৰিদ্ৰাখণ্ডঃ খোৱাৰ আগত বা পাছত ৫ গ্ৰামকৈ ১০-১৫ দিনৰ বাবে দিনে দুবাৰকৈ ৷
4. কফাকেতু ৰসঃ 200 গ্ৰামকৈ ১০-১৫ দিনৰ বাবে দিনে এবাৰ ।
চূৰ্ণ সমুহ কুহুমীয়া গৰম পানী বা মৌ ৰ লগত মিলাই সেৱন কৰিব ৷ ত্ৰিকাতু চূর্ণ ২৫ গ্ৰাম,গুৰুচি স্বত্ব ৫গ্ৰাম, যষ্টিমধু চূর্ণ ২৫ গ্ৰাম এই সমূহৰ ভালদৰে মিশ্ৰণ কৰি ইয়াৰ ২ বা ৩ গ্ৰাম অলপ কুহুমীয়া গৰম পানী বা মৌ ৰ লগত মিলাই ৰাতিপুৱা আহাৰ গ্ৰহণৰ আগত ১০-১৫ দিনৰ বাবে গ্ৰহণ কৰিব ।
ক’ৰোণা ভাইৰাছ হ'ল নব্য গোলকীয় মহামাৰী, যি সমগ্ৰ বিশ্বত তীব্ৰ গতিত বিয়পি পৰিছে । ভাৰতত বিগত ১৫ দিনত এই ৰোগৰ তিনিটা ঘটনা পোহৰলৈ আহিছে । যিহেতু সৱধানতাই প্ৰতিকাৰৰ উপায় , গতিকে চীনৰ পৰা ভাৰতলৈ অহা লোক সকলৰ যদি জ্বৰ বা চৰ্দিৰ কোনো লক্ষণ দেখা পায় অতি সোনকালে ওচৰতে উপলব্ধ "লক্ষণ অনুসৰি উপযুক্ত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক"। এই বেমাৰৰ পৰা ৰক্ষাৰ উপায় হ'ল পৰিষ্কাৰ পৰিচন্নতা, পানী উতলাই/ গৰম কৰি খোৱা আৰু সতেজ খাদ্য গ্ৰহণ কৰা ।
(তিৰুপতিৰ এছ ভি আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ শৰীৰ ক্ৰিয়া বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী চিকিৎসক ডাঃ পি ভি ৰংগনায়কলো ৰ লগত আলোচনা কৰি লিখিত ।)
আৰু পঢ়কঃচীনত ক'ৰোনা ভাইৰাছত মৃত্যু সংখ্যা 425 জনলৈ বৃদ্ধি, আক্ৰান্ত প্ৰায় 20,438 গৰাকী