নেশ্বনেল ডেস্ক, 9 আগষ্ট : অতি সংবেদনশীল ৰাম জনমভূমি - বাবৰি মছজিদ ভূমি বিবাদ সম্পৰ্কত মঙলবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত অভিযোগ উত্থাপন কৰি অহা হৈছে ৷ ইয়াৰ পূৰ্বে মধ্যস্থতাকাৰীৰ জৰিয়তে এই বিবাদ নিস্পত্তিৰ চেষ্টা কৰা হৈছিল যদিও অসফল হৈছিল ন্যায়ালয় ৷ ইয়াৰ পাচতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠে অযোধ্যা বিবাদক লৈ শুনানিৰ আৰম্ভ কৰিছিল ৷
এই বিচাৰপীঠত আছে ন্যায়াধীশ এছ এ ব’বডে, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এছ এ নাজিৰ। উল্লেখ্য যে, 16 শতিকাৰ বাবৰি মছজিদটো 1992 চনৰ 6 ডিচেম্বৰ তাৰিখে ধ্বংস কৰা হৈছিল ৷