নেশ্বনেল ডেস্ক, 2 আগষ্ট : শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ৰাম জনমভূমি - বাবৰি মছজিদ ভূমি বিবাদৰ মধ্যস্থতাকাৰী প্ৰক্ৰিয়াৰ নিৰীক্ষণ কৰে ৷ ন্যায়ালয়ৰ অনুসৰি, মধ্যস্থতাকাৰীয়ে এক মিত্ৰতাপূৰ্ণ সমাধানত উপস্থিত হোৱাত সফল হ'ব নোৱাৰা বাবে দশক পুৰণি এই গোচৰৰ শুনানি আগষ্টৰ 6 তাৰিখৰ পৰা আৰম্ভ হ'ব ৷
প্ৰাক্তন এপেক্স আদালতৰ ন্যায়াধীশ এফ. আই. কালিফুল্লাৰ নেতৃত্বত 3 জনীয়া মধ্যস্থতাকাৰী দলে নিজৰ ভূমিকা পালন কৰাত বিফল হোৱাৰ কথা ঘোষণা কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷ গগৈয়ে মন্তব্য কৰে যে, চূড়ান্ত সমাধান কৰাত মধ্যস্থতাকাৰীৰ দল অসফল হ'ল ৷ সেয়েহে 6 আগষ্টৰ পৰা গোচৰৰ শুনানিৰ কাম আৰম্ভ হ'ব ৷
এই বিবাদ সম্পৰ্কত সকলোবোৰ তৰ্ক - বিতৰ্ক শেষ নোহোৱালৈকে ন্যায়ালয়ত গোচৰ চলি থাকিব ৷ এই শুনানিত উপস্থিত থাকিব ন্যায়াধীশ এছ. এ. ববডে, ডি. ৱাই. চন্দ্ৰচোড, অশোক ভূষণ আৰু এছ. আব্দুল নাজিৰ ৷