নিউজ ডেস্ক, 16 অক্টোবৰঃ অন্তিম দিনত অযোধ্যা ভূমি বিবাদৰ শুনানি ৷ দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে শুনানিৰ বাবে ইতিমধ্যেই বিয়লি 5 বজাৰ অন্তিম সময়সীমা বান্ধি দিছে ৷
অযোধ্যা ভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ত চলি থকা দৈনন্দিন শুনানিৰ আজি অন্তিম দিন ৷ মুখ্য ন্যায়াধীশৰ নেতৃত্বত পাঁচজনীয়া খণ্ড বিচাৰপীঠে ইতিমধ্যেই বিয়লি 5 বজাৰ ভিতৰত গ্ৰহণ কৰিব ভূমি বিবাদৰ অন্তিম শুনানি ৷ আজি চলি থকা শুনানিৰ সময়ত হিন্দু সমৰ্থকসকলক 45 মিনিটৰ লগতে মুছলমান সমৰ্থকসকলক 1 ঘন্টাৰ সময় পৃথকে পৃথকে প্ৰদান কৰে ন্যায়ালয়ে ৷ উমৈহতীয়াভাৱে অতিৰিক্ত 45 মিনিট সময় উভয় পক্ষকে প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে ৷
বিগত ছেপ্টেম্বৰ মাহত সৰ্বোচ্চ ন্যায়ালয়ে অক্টোবৰ মাহৰ 18 তাৰিখৰ ভিতৰত অযোধ্যা ভূমি বিবাদৰ চূড়ান্ত শুনানিৰ সময়সীমা বান্ধি দিছিল ৷ দুয়োপক্ষৰে অধিবক্তাসকলক লৈ বিবাদৰ দৈনন্দিন শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ে ৷ অক্টোবৰ মাহত শুনানিৰ সময়তে অক্টোবৰৰ 17 তাৰিখ শুনানিৰ অন্তিম দিন ধাৰ্য কৰিছিল উচ্চতম ন্যায়ালয়ে ৷