ETV Bharat / bharat

হাথৰছ পীড়িতাই ন্যায় নোপোৱালৈকে চেণ্ডেল নিপিন্ধাৰ সংকল্প অটো চালকৰ

author img

By

Published : Oct 5, 2020, 5:34 PM IST

নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মধ্য প্ৰদেশৰ এগৰাকী অটো চালকৰ অভিনৱ প্ৰতিবাদ। উত্তৰ প্ৰদেশৰ হাথৰসত নৰপিশাচৰ নিৰ্যাতনৰ বলি হোৱা হাথৰছ পীড়িতাই ন্যায় লাভ নকৰালৈকে চেণ্ডেল নিপিন্ধাৰ শপত লৈছে মধ্য প্ৰদেশৰ ৰাজপাল বাৰ্মাই।

হাথৰছ পীড়িতাই ন্যায় নোপোৱালৈকে চেণ্ডেল নিপিন্ধাৰ সংকল্প অটো চালকৰ
হাথৰছ পীড়িতাই ন্যায় নোপোৱালৈকে চেণ্ডেল নিপিন্ধাৰ সংকল্প অটো চালকৰ

নেশ্যনেল ডেস্ক, ৫ অক্টোবৰ: উত্তৰ প্ৰদেশৰ হাথৰছ কাণ্ডৰ দোষীয়ে শাস্তি নোপোৱা পৰ্যন্ত চেণ্ডেল নিপিন্ধে মধ্য প্ৰদেশৰ এজন অটো চালকে। গণধৰ্ষণ, নিৰ্মম অত্যাচাৰ সহিব নোৱাৰি কৰুণ মৃত্যুক আঁকোৱালি লোৱা হাথৰছ পীড়িতাই ন্যায় লাভ নকৰালৈকে চেণ্ডেল নিপিন্ধাৰ সংকল্প লৈছে মধ্য প্ৰদেশৰ ৰাজপাল বাৰ্মা নামৰ এই অটো চালকগৰাকীয়ে। মধ্যপ্ৰদেশৰ হিছাৰৰ আৰ্যনগৰ গাঁৱৰ বাসিন্দা ৰাজপালে কয় যে, ভাৰতত মহিলাই জন্ম হোৱাৰ ধৰি নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হয় আৰু অধিকাংশ মহিলাই ন্যায়ৰ পৰা বঞ্চিত হয়।

নিজৰ অভিনৱ প্ৰতিবাদৰে চৰ্চালৈ অহা এই অটো চালকগৰাকীয়ে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সদায় নিজৰ মত আগবঢ়াই আহিছে। নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচী দিয়াৰ দিনা বিনামূলীয়াকৈ অটোৰে যাত্ৰীক সেৱা আগবঢ়াইছিল। ৰাখী বন্ধনৰ দিনাও মহিলা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে বিনামূলীয়া অটো' যাত্ৰা কৰায় ৰাজপালে। সম্প্ৰতি, হাথৰছ কাণ্ডৰে জড়িত দোষীয়ে উচিত শাস্তি নোপোৱালৈকে চেণ্ডেল নিপিন্ধাকৈ থকাৰ সংকল্প লৈছে মানৱদৰদী ৰাজপাল বাৰ্মাই।

লগতে পঢ়ক : নৱবৰ্ষৰ আৰম্ভণিতে মুকলি হ'ব যোৰহাট ন-আলিৰ উৰণীয়া সেঁতু : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.