ETV Bharat / bharat

কৰ'ণাত আক্ৰান্তৰ খবৰ শুনি মৃত্যু ঘটিল অট' চালকৰ

স্বাস্থ্য বিভাগৰ পৰা ফোনযোগে কৰ'ণাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ পাচতেই ঢলি পৰি মৃত্যু হয় অট' চালকজনৰ ৷

author img

By

Published : Jul 24, 2020, 8:58 AM IST

Updated : Jul 24, 2020, 10:43 AM IST

Auto driver died by hearing the news he had corona
কৰ্ণাটকত কৰ'ণাত আক্ৰান্তৰ খবৰ লাভ কৰাৰ পাছতেই মৃত্যু এজনৰ

কৰ্ণাটক, 24 জুলাই : কৰ্ণাটকৰ কালাবুৰাগী জিলাৰ ভৱানী চহৰত কৰ'ণাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাৰ পাচতেই মৃত্যুক সাৱতি লয় এজন অট' চালকে ৷ অশোক নামৰ অট' চালকজনৰ জোঁৱায়েক কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচত 8 জুলাইত অশোকৰ লগতে পৰিয়ালৰ লোকে কৰ'ণাৰ পৰীক্ষণ কৰে ৷

অশোকৰ কৰ'ণা ফলাফল পজিটিভ আহে ৷ স্বাস্থ্য বিভাগৰ পৰা ফোনযোগে এই কথা অৱগত হোৱাৰ পাচতেই ঢলি পৰি মৃত্যু হয় অট' চালকজনৰ ৷ অশোকৰ মৃত্যুৰ পাচত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷ মৰণোত্তৰ পৰীক্ষাত অশোকৰ কৰ'ণাৰ ফলাফল নিগেটিভ আহে ৷

বৰ্তমান সমগ্ৰ দেশতে কৰ'ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ কৰ'ণাত আক্ৰান্ত হৈ বহু লোকে মৃত্যুক সাৱতি লোৱাৰ সময়তে একাংশ লোকে কৰ'ণা ভয়তেই আত্মহননৰ দৰে পথ বাচি লৈছে ৷ কিছুদিন পূৰ্বে হায়দৰাবাদত এজন যুৱকে কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচত হুছেইন সাগৰত জপিয়াই আত্মহত্যা কৰে ৷ মুম্বাইতো এজন কৰ'ণাত আক্ৰান্ত ৰোগীয়ে চিকিৎসালয়ৰ ছাদৰ পৰা জপিয়াই আত্মহত্যা কৰে ৷

লগতে পঢ়ক : ছেকটেং : ভূটানৰ সৈতে কূটনৈটিক সম্পৰ্ক স্থাপনৰ বাবে চীনৰ ন কৌশল !

Last Updated : Jul 24, 2020, 10:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.