ETV Bharat / bharat

মোক প্ৰলোভনৰ চেষ্টা কৰিছিল, মই প্ৰত্যাখ্যান কৰিছিলো: চেতন ডুডি

শুকুৰবাৰে ৰাজস্থানৰ কংগ্ৰেছ বিধায়ক চেতন ডুডিয়ে এক সংবাদ মেলৰ জড়িয়তে দাবী কৰিলে যে নিজৰ দলৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে তেওঁক প্ৰলোভন দিছিল যদিও তেওঁ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল । কংগ্ৰেছ বিধায়কগৰাকীয়ে কলে তেওঁ সমস্ত ঘটনাৰ সবিশেষ তদন্তকাৰী দলক অৱগত কৰিব খোজে ।

author img

By

Published : Jul 18, 2020, 12:02 AM IST

Attempts made to lure me, but I refused offer: Congress MLA
মোক প্ৰলোভনৰ চেষ্টা কৰিছিল, মই প্ৰত্যাখ্যান কৰিছিলো: হৰ্ছ ট্ৰেডিং প্ৰসংগত চেতন ডুডি

নিউজ ডেস্ক, ১৭জুলাই: সংবাদ মেলখনত ৰাজস্থান কংগ্ৰেছৰ বিধায়ক চেতন ডুডিয়ে এই বুলিওঁ দাবী কৰিলে যে, হৰ্ছ ট্ৰেডিঙ কাণ্ডৰ অডিঅ' ক্লিপত নাম সাঙুৰ খোৱাৰ পাছতো তেওঁক দলৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে প্ৰৰোচিত কৰা হৈছিল । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে হৰ্ছ ট্ৰেডিঙৰ বিতৰ্কৰ লগত জড়িত তিনিটা অডিঅ' ক্লিপ প্ৰকাশ কৰা হৈছিল, য'ত উল্লেখ আছিল কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট আৰু শচিন পাইলটৰ শিবিৰৰ এজন বিধায়কৰ মাজত জয়পুৰৰ পৰা সংযোগ কৰাই দিয়া হৈছিল । প্ৰাপ্ত খবৰ অনুসৰি কংগ্ৰেছী বিধায়ক চেতন ডুডি আৰু বিজয়পাল মিৰ্ধাৰ নাম অডিঅ' ক্লিপ কেইটাত বহুবাৰ চৰ্চালৈ আহিছিল ।

শুকুৰ বাৰে এখন সংবাদ মেল আয়োজন কৰি কংগ্ৰেছী বিধায়ক চেতন ডুডিয়ে স্বীকাৰ কৰিলে যে, বাস্তবিকতেই নিজৰ দলৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে প্ৰলোভন দিছিল যদিওঁ তেওঁ এই প্ৰস্তাব প্ৰত্যাখ্যান কৰিছিল । বিধায়কগৰাকীৰ মতে চৰ্চাত থকা অডিঅ' ক্লিপত তেওঁৰ নাম ওলাইছে । কিন্তু তেওঁক প্ৰকৃততে প্ৰলোভিত কৰাৰ বাবেহে চেষ্টা কৰিছিল আৰু সেই বাবেহে অডিঅ' ক্লিপটোৰ লগত তেওঁৰ নাম সাঙোৰ খাইছে । দলৰ প্ৰতি থকা আস্থাৰ বাবেই তেওঁ এই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল । কংগ্ৰেছ বিধায়কগৰাকীয়ে কলে তেওঁ সমস্ত ঘটনাৰ সবিশেষ তদন্তকাৰী দলক অৱগত কৰিব খোজে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.