নতুন দিল্লী, 12 ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ বৃহৎ জয়ৰ পাচতেই মাজ নিশা আম আদমী পাৰ্টীৰ প্ৰাক্তন বিধায়ক নৰেশ যাদৱৰ বাহনৰ ওপৰত দুৰ্বৃত্তৰ গুলী চালনা ৷ এই গুলী চালনাত এগৰাকী দলীয় কৰ্মীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আহত হয় এজন লোক ৷ নিহত দলীয় কৰ্মীজন হৈছে অশোক মান ৷ সাংবাদিকৰ আগত এই সমগ্ৰ ঘটনা দুখজনক বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷
দলীয় সৰ্মথকৰ সৈতে মন্দিৰৰ পৰা উভতি অহাৰ পথতে প্ৰাক্তন বিধায়কগৰাকীৰ বাহনক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হয় ৷ আম আদমী পাৰ্টীৰ টুইটাৰ একাউণ্টতো এই আক্ৰমণৰ কথা উল্লেখ কৰে ৷
-
Shots fired at AAP MLA@MLA_NareshYadav
— AAP (@AamAadmiParty) February 11, 2020 " class="align-text-top noRightClick twitterSection" data="
and the volunteers accompanying him while they were on way back from temple.
At least one volunteer has passed away due to bullet wounds. Another is injured.
">Shots fired at AAP MLA@MLA_NareshYadav
— AAP (@AamAadmiParty) February 11, 2020
and the volunteers accompanying him while they were on way back from temple.
At least one volunteer has passed away due to bullet wounds. Another is injured.Shots fired at AAP MLA@MLA_NareshYadav
— AAP (@AamAadmiParty) February 11, 2020
and the volunteers accompanying him while they were on way back from temple.
At least one volunteer has passed away due to bullet wounds. Another is injured.
উল্লেখ্য যে, দিল্লীৰ 70 খন বিধানসভা আসনৰ 63 খন আসনতেই অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে দখল কৰিবলৈ সক্ষম হৈছে ৷ এই জয়েৰে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব কেজৰিৱাল ৷ আনহাতে বিজেপিয়ে 7 খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে এখননো আসন লাভ কৰিবলৈ সমৰ্থ নহ’ল ৷