ETV Bharat / bharat

স্বাক্ষৰতাৰ হাৰ : শীৰ্ষ স্থান অক্ষুণ্ণ কেৰালাৰ, পঞ্চমত অসম

author img

By

Published : Sep 8, 2020, 6:17 AM IST

96.2 শতাংশ স্বাক্ষৰতাৰ হাৰেৰে কেৰালা পুনৰবাৰ দেশৰ সৰ্বাধিক স্বাক্ষৰিত ৰাজ্য হিচাপে পৰিগণিত হ'ল ৷ আনহাতে, এই তালিকাত 66.4 শতাংশ স্বাক্ষৰতাৰ হাৰেৰে অন্তিম স্থান দখল কৰিছে অন্ধ্ৰ প্ৰদেশে ৷ ৰাষ্ট্ৰীয় পাৰিসাংখ্যিক কাৰ্যালয়ৰ (NSO)এক জৰীপত প্ৰকাশ পাইছে এই তথ্য় ৷

শীৰ্ষ স্থান অক্ষুণ্ণ কেৰালাৰ
স্বাক্ষৰতাৰ হাৰ

নেশ্যনেল ডেস্ক, 8 ছেপ্তেম্বৰ : 96.2 শতাংশ স্বাক্ষৰতাৰ হাৰেৰে কেৰালা পুনৰবাৰ দেশৰ সৰ্বাধিক স্বাক্ষৰিত ৰাজ্য হিচাপে পৰিগণিত হ'ল ৷ আনহাতে, এই তালিকাত 66.4 শতাংশ স্বাক্ষৰতাৰ হাৰেৰে অন্তিম স্থান দখল কৰিছে অন্ধ্ৰ প্ৰদেশে ৷ ৰাষ্ট্ৰীয় পাৰিসাংখ্যিক কাৰ্যালয়ৰ (NSO)এক জৰীপত প্ৰকাশ পাইছে এই তথ্য় ৷

2017 চনৰ জুলাইৰ পৰা 2018 চনৰ জুন মাহলৈ 75 সংখ্যক ৰাষ্ট্ৰীয় নমুনা জৰীপৰ 'Household Social Consumption: Education in India ৰ প্ৰতিবেদনৰ ভিত্তিত সংগ্ৰহ কৰা হয় ৰাজ্যসমূহৰ এই তথ্য ৷ 7 বছৰ আৰু ইয়াৰ উৰ্ধৰ লোকৰ মাজত কৰা হয় এই জৰীপ ৷

এই অধ্যয়ন অনুসৰি, কেৰালাৰ পাচতে 88.7 শতাংশৰে দ্বিতীয় সৰ্বোচ্চ স্থান দখল কৰিছে দিল্লীয়ে ৷ ইয়াৰ পাচতে 87.6 শতাংশৰে উত্তৰাখণ্ড, 86.6 শতাংশৰে হিমাচল প্ৰদেশ আৰু 85.9 শতাংশৰে অসমে স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

এই অধ্যয়নৰ পৰা লাভ কৰা তথ্য অনুসৰি, দেশৰ স্বাক্ষৰতাৰ হাৰ হৈছে 77.7 শতাংশ ৷ পুৰুষৰ স্বাক্ষৰতাৰ হাৰ 84.7 শতাংশ হোৱাৰ বিপৰীতে মহিলাৰ স্বাক্ষৰতাৰ হাৰ হৈছে 70.3 শতাংশ ৷ ইয়াৰোপৰি, জৰীপ অনুসৰি, প্ৰতিখন ৰাজ্যতে মহিলাৰ তুলনাত পুৰুষৰ স্বাক্ষৰতাৰ হাৰ অধিক ৷ কেৰালাত পুৰুষৰ স্বাক্ষৰতাৰ হাৰ 97.4 শতাংশ হোৱাৰ বিপৰীতে মহিলাৰ স্বাক্ষৰতাৰ হাৰ 95.2 শতাংশ ৷

একেদৰে, দিল্লীত পুৰুষৰ স্বাক্ষৰতাৰ হাৰ 93.7 শতাংশ হোৱাৰ আৰু মহিলাৰ স্বাক্ষৰতাৰ হাৰ হৈছে 82.4 শতাংশ ৷ অতি নিম্নতম স্বাক্ষৰতাৰ হাৰৰ ৰাজ্যসমূহতো পুৰুষ আৰু মহিলাৰ স্বাক্ষৰতাৰ হাৰত ব্য়াপক ব্য়ৱধান পৰিলক্ষিত হৈছে ৷

সমগ্ৰ দেশৰ 8,097 খন গাঁৱৰ 64,519 টা পৰিয়াল আৰু 6,188 টাকৈ ব্লকৰ 49,238 টা পৰিয়ালৰ পৰা সংগ্ৰহ কৰা হৈছিল অধ্য়য়নৰ নমুনা ৷ প্ৰতিবেদনৰ পৰা এই কথাও জানিব পৰা গৈছে যে, প্ৰায় 4 শতাংশ গাঁৱৰ জনসাধাৰণ আৰু 23 শতাংশ নগৰীয়া জনসাধাৰণৰ ওচৰত কম্পিউটাৰৰ ব্যৱস্থা আছে ৷

জৰীপৰ 30 দিন পূৰ্বে 15-29 বছৰৰ ভিতৰৰ লোকৰ প্ৰায় 35 শতাংশই ইন্টাৰনেট ব্য়ৱহাৰ কৰিছিল ৷ গাঁও অ়ঞ্চলত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ হাৰ 25 শতাংশ হোৱাৰ বিপৰীতে নগৰ অঞ্চলত 58 শতাংশ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.