ETV Bharat / bharat

দিল্লীত ৩.৯ ডিগ্ৰী ছেলছিয়াছৰে বছৰটোৰ সৰ্বনিম্ন তাপমাত্ৰা

author img

By

Published : Dec 19, 2020, 2:31 PM IST

Updated : Dec 19, 2020, 2:59 PM IST

শুকুৰবাৰে জাফাৰপুৰৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ২.৭ ডিগ্ৰী ছেলছিয়াছ ৷ চহৰখনে শীতপ্ৰবাহৰ দিশত সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰা দেখা গৈছে ৷ বৃহস্পতিবাৰে এই তাপমাত্ৰা সৰ্বাধিক ১৫.২ ডিগ্ৰী ছেলছিয়াছ হোৱাৰ বিপৰীতে শুকুৰবাৰে আছিল সৰ্বাধিক ১৯.৮ ডিগ্ৰী ছেলছিয়াছ ৷

At 3.9 deg C, Delhi records season's lowest minimum temperature: IMD

নতুন দিল্লী,১৯ ডিচেম্বৰ: শীতপ্ৰবাহে কোবাই গৈছে ৰাজধানী চহৰ দিল্লীক ৷ শনিবাৰে তাপমাত্ৰাৰ পাৰাস্তম্ভ হ্ৰাস হৈ নিম্নগামী হয় ৩.৯ ডিগ্ৰী ছেলছিয়াছলৈ ৷ ছফদৰজং বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি, এই নিম্নগামী তাপমাত্ৰাই বছৰটোৰ অভিলেখ ভংগ কৰিছে ৷

ইপিনে, লোধী ৰোড আৰু আয়ান নগৰত তাপমাত্ৰা ক্ৰমে ৩.৩ আৰু ৩.৪ ডিগ্ৰী ছেলছিয়াছ হোৱা দেখা যায় ৷ সমান্তৰালভাৱে হিমালয়ৰ পশ্চিম প্ৰান্তৰ পৰা প্ৰবল তুষাৰ প্ৰবাহ অব্যাহত আছে ৷

শুকুৰবাৰে জাফাৰপুৰৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ২.৭ ডিগ্ৰী ছেলছিয়াছ ৷ চহৰখনে শীতপ্ৰবাহৰ দিশত সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰা দেখা গৈছে ৷ বৃহস্পতিবাৰে এই তাপমাত্ৰা সৰ্বাধিক ১৫.২ ডিগ্ৰী ছেলছিয়াছ হোৱাৰ বিপৰীতে শুকুৰবাৰে আছিল সৰ্বাধিক ১৯.৮ ডিগ্ৰী ছেলছিয়াছ ৷

সাধাৰণতে সৰ্বাধিক তাপমাত্ৰা ১০ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ৪.৪ ডিগ্ৰী ছেলছিয়াছ হ’লে শীতাৰ্ত দিন হিচাপে অভিহিত কৰা হয় ৷ অৱশ্যে সন্ধিয়াৰ ভাগলৈ ৰাজধানী দিল্লীৰ আকাশৰ কিছু অংশ মেঘে ঢকাৰ সম্ভাৱনা আছে ৷

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, দিল্লীত পৰৱৰ্তী ৫-৬ দিনলৈ তাপমাত্ৰা ৫ ডিগ্ৰী ছেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত

Last Updated : Dec 19, 2020, 2:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.