নিউজ ডেস্ক, 21 জুলাই: বিদ্যুত বিভাগৰ বিসংগতিপূৰ্ণ বিল কোনো নতুন কথা নহয় ৷ এইবাৰ হাজাৰ বা লাখ নহয়, আহিল এখন কোটিটকীয়া বিল ৷
128 কোটি টকাৰ এখন বিল! - বিদ্যুত বিভাগ
চামিমৰ পত্নীয়ে জনাই যে, তেঁওলোকে ঘৰত এখন ফেনৰ বাহিৰে কোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ নকৰে ৷
128 কোটি টকাৰ এখন বিল!
নিউজ ডেস্ক, 21 জুলাই: বিদ্যুত বিভাগৰ বিসংগতিপূৰ্ণ বিল কোনো নতুন কথা নহয় ৷ এইবাৰ হাজাৰ বা লাখ নহয়, আহিল এখন কোটিটকীয়া বিল ৷
ঘটনাটো উত্তৰ প্ৰদেশৰ হাপুৰৰ ৷ চামিম নামৰ লোকজনে 128 কোটি টকাৰ এখন বিল লাভ কৰিছিল ৷ চামিমৰ পত্নীয়ে জনাই যে তেঁওলোকে ঘৰত এখন ফেনৰ বাহিৰে কোনো ধৰণৰ বৈদ্যুতিক সজুলি ব্যৱহাৰ নকৰে ৷ তেঁওলোকে কয় যে এই বিষয়ে বিদ্যুত বিভাগক অৱগত কৰাত তেঁওলোকে এই ধন পৰিশোধ কৰিব লাগিব বুলি কয় বিভাগটোৱে ৷ এই বিষয়ে পিছত অভিযন্তাক অৱগত কৰাত তেঁও কয় যে পুনৰিক্ষন কৰি আকৌ তেঁওলোকক বিলখন তেঁওলোকক দিয়া হ’ব ৷
এই কথায়ো প্ৰমান কৰে যে বিদ্যুত বিভাগৰ বিসংগতি অকল অসমতে নহয় ভাৰতবৰ্ষৰ অন্য ৰাজ্যতো হয় ৷