নগাঁও, 14 মে' : লক্ ডাউনৰ বাবে কৰ্ণাটকত আৱদ্ধ হৈ পৰিছে অসমৰ 47 গৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী ৷ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত অধ্যায়নৰত অসমৰ শিক্ষাৰ্থী কেইগৰাকী বৰ্তমানেও কৰ্ণাটকত আৱদ্ধ হৈ তীব্ৰ খাদ্য আৰু আৰ্থিক সংকটত ভুগিছে ৷
ভগৱান মহাবীৰ জৈন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ 32 গৰাকী, বিজয়া মহন্তেষ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ 9 গৰাকী , বীৰ পুলিকেছী ৰোৰেল আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ 4 গৰাকী আৰু কালিদাস আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ 2 গৰাকী ছাত্ৰ সহ মুঠ 47 গৰাকী শিক্ষাৰ্থী আৱদ্ধ হৈ আছে কৰ্ণাটকত ।
লক্ ডাউনৰ বাবে হোষ্টেলত খাদ্যৰ তীব্ৰ খাদ্য সংকটত ভোগা শিক্ষাৰ্থীৰ দলটোৱে অসম চৰকাৰৰ সহায় বিচাৰিছে যদিও এই পৰ্যন্ত লাভ কৰা নাই কোনো ধৰণৰ সাহায্য ৷
আনকি, নিজ গৃহলৈ উভতি আহিবৰ বাবে অনলাইন পাছৰ আবেদন কৰিছিল যদিও এই পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা অনলাইন পাছ ৷ যাৰাবাবে এতিয়া উপায়বিহীন হৈ অসম চৰকাৰৰ সহায় বিচাৰিছে শিক্ষাৰ্থীৰ দলটোৱে ৷
লগতে পঢ়ক : বহিঃৰাজ্যৰ পৰা ৰে'লযোগে মৰিয়নীত উপস্থিত ৩৭ জন যাত্ৰী