নিউজ ডেস্ক, 26 মেঃ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰত নৱ বিবাহিতাৰৰ ওপৰত এচিড আক্ৰমণৰ চেষ্টাৰ লগতে প্ৰাণ মৰাৰ ভাবুকি স্বামীৰ ৷
ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি এচিড আক্ৰমণৰ বলি মহিলাগৰাকীৰ স্বামী শচীন পূৰ্বতে বিয়া পতা বুলি জানিবলৈ পোৱাৰে পৰা পত্নীক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰে শচীনে ৷ ইয়াৰোপৰি পত্নীয়ে সাংবাদিকক দিয়া তথ্য অনুসৰি প্ৰাণে মৰাৰ ভাবুকিও দিয়াৰ লগতে মহিলাগৰাকীলৈ এচিড নিক্ষেপ কৰে শচীনে ৷
শচীনৰ অত্যাচাৰৰ বলি হৈ অৱশেষত স্বামীৰ ওপৰত এজাহাৰ দাখিল কৰে মহিলাগৰাকীয়ে ৷ কিন্তু বিগত তিনি মাহে আৰক্ষীয়েও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰে নিৰ্যাতিতা মহিলাগৰাকীয়ে ৷