নিউজ ডেস্ক, 3 মাৰ্চঃ ‘অৰণ্য মানৱ’ খ্যাত পৰিৱেশ কৰ্মী যাদৱ পায়েঙলৈ 128 সংখ্যক ‘কমনৱেল্থ পইণ্টছ অৱ লাইট এৱাৰ্ড’ বঁটা প্ৰদান ৷ পৰিৱেশ সংৰক্ষণত অসাধাৰণ অৱদান আগবঢ়োৱা যাদৱ পায়েঙলৈ দ্বিতীয় ৰাণী এলিজাবেথৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয় ৷ শেহতীয়াকৈ এই কথা সদৰি কৰে ব্ৰিটিছ উচ্চায়ুক্তই ৷ আগন্তুক 11 মাৰ্চ তাৰিখে যাদৱ পায়েঙক সন্মানিত কৰা হ'ব এই বিশেষ বঁটাৰে ৷
53 খন কমনৱেল্থ ৰাষ্ট্ৰৰ ভিতৰত যিসকল লোকে নিজ নিজ সম্প্ৰদায়ৰ লগতে সমাজৰ বাবে নিজ কৰ্মৰ জৰিয়তে অৱদান আগবঢ়ায়, সেইসকল লোকক এই ‘কমনৱেল্থ পইণ্টছ অৱ লাইট এৱাৰ্ড’ বঁটা প্ৰদান কৰা হয় ৷ যোৰহাট জিলা নিৱাসী 57 বছৰীয়া পায়েঙে ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ 1,360 একৰ বৃক্ষবিহীন বালিচৰত বন্যপ্ৰাণীৰ আশ্ৰয়ৰ সুবিধাৰ্থে গছপুলি ৰোপণ কৰি বনাঞ্চলৰ সৃষ্টি কৰিছে ৷ বহু বছৰৰ পৰিশ্ৰমৰ অন্তত তেওঁ ‘মোলাই কাঠনি’ নাম দি এই বনাঞ্চলৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়কঃশ্ৰীলংকা বাহিনীৰ সৈতে কৰমৰ্দন নকৰে ইংলেণ্ড ক্ৰিকেট দলে