ETV Bharat / bharat

২৪ ঘণ্টাত গুৱাহাটীত কৰ'ণাত আক্ৰান্ত হৈছে ৪১০ গৰাকী ব্যক্তি

author img

By

Published : Jul 12, 2020, 1:01 PM IST

বিগত ২৪ ঘণ্টাত অসমত মহামাৰী COVID-19ত আক্ৰান্ত হৈছে ৫৩৫ গৰাকী ব্যক্তি । তাৰ ভিতৰত ৪১০ গৰাকী ব্যক্তিয়ে গুৱাহাটী মহানগৰীৰ বুলি টুইটাৰযোগে সদৰি কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । লগতে COVID-19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য গুৱাহাটী মহানগৰীত পুনৰ ১ সপ্তাহৰ বাবে লক ডাউন বঢ়াই দিয়ে বুলি সংবাদমেলযোগে সদৰি কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছ

নিউজ ডেস্ক, ১২ জুলাইঃ অসমত বিগত ২৪ ঘণ্টাত নতুনকৈ মহামাৰী COVID-19 ত আক্ৰান্ত হৈছে ৫৩৫ গৰাকী ব্যক্তি । অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে কয় যে, ১১ জুলাইত অসমত মুঠ ৫৩৫ গৰাকী ব্যক্তিৰ দেহত লাভ কৰে মহামাৰী COVID-19ৰ উপস্থিতি । আনহাতে, এই COVID-19ত আক্ৰান্ত ৫৩৫ গৰাকী ব্যক্তিৰ ভিতৰত ৪১০ গৰাকী ব্যক্তিয়ে গুৱাহাটী মহানগৰীৰ বুলিও উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ।

বৰ্তমান পৰ্যন্ত অসমত COVID-19 ত আক্ৰান্তৰ সংখ্যা হৈছে মুঠ ১৬,০৭১ গৰাকী ব্যক্তি । তাৰ ভিতৰত ৫,৬০৭ গৰাকী ব্যক্তিৰ দেহত COVID-19 সক্ৰিয় হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে মুঠ ১০,৪৪০ গৰাকী ব্যক্তি । তাৰোপৰি এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৫ গৰাকী ব্যক্তিৰ ।

শনিবাৰে সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্যজুৰি মুঠ ৬৩.৩৯ শতাংশ ৰোগীয়ে ইতিমধ্যে COVID-19ৰ পৰা আৰোগ্য হৈ উঠিছে । আনহাতে, ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক কৰ'ণা সংক্ৰমণ হোৱা জিলা হিচাপে পৰিগণিত কামৰূপ মহানগৰত পুনৰ ১ সপ্তাহৰ বাবে লক ডাউন বঢ়াই দিয়া হৈছে ।

মন্ত্ৰী শৰ্মাই কয় যে, গুৱাহাটীলৈ আহিব বিচৰা সকলো যাত্ৰীয়ে প্ৰথমে বিমান বন্দৰত মহামাৰী COVID-19ৰ পৰীক্ষা কৰিব লাগিব । পৰীক্ষা কৰা যিসকল যাত্ৰীৰ নিগেভিট আহিব সেই সকল ব্যক্তিয়েহে গুৱাহাটীলৈ আহিব পাৰিব বুলি মত প্ৰকাশ কৰে । লগতে এই ব্যক্তি সকলে ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইনো হৈ থাকিব লাগিব ।

মন্ত্ৰী গৰাকীয়ে গুৱাহাটীত COVID-19 কেন্দ্ৰ সমূহত বিচনা নাটনি হোৱা নাই বুলি মত প্ৰকাশ কৰাৰ লগতে ৰাজ্য চৰকাৰে বৰ্তমানে ৪,০০০ খন বিচনাৰ সংখ্যা বঢ়োৱা সন্দৰ্ভত কাম কৰি আছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.