ETV Bharat / bharat

আইএএছ বিষয়াৰ বিৰুদ্ধে লোকসভাৰ অধ্যক্ষক গোচৰ প্ৰাক্তন সাংসদৰ

author img

By

Published : Feb 24, 2020, 10:31 PM IST

প্ৰাক্তন বিজেপি সাংসদ ৰমেন ডেকাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাক ভৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ ওপৰত নিজৰ কৰ্তব্যক উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰি এক গোচৰ ৰুজু কৰিছিল ৷

প্ৰাক্তন সাংসদ
প্ৰাক্তন সাংসদ

নিউজ ডেস্ক, 24 ফেব্ৰুৱাৰীঃ 2012 গোটৰ অসম-মেঘালয় কেডাৰৰ ভৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ ওপৰত নিজৰ কৰ্তব্যক উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰি, অসমৰ প্ৰাক্তন বিজেপি সাংসদ ৰমেন ডেকাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাক এক গোচৰ ৰুজু কৰিছিল ৷ ৰমেন ডেকাই অভিযোগ উত্থাপন কৰিছিল যে, ঘনশ্যাম দাসৰ বিফলতা আৰু দায়িত্বহীনতাৰ বাবে সাংসদৰ স্থানীয় এলেকা উন্নয়নৰ পৰা 2.5 কোটি টকা আজিলৈ মুকলি কৰিব নোৱাৰিলে ৷

আইএএছ বিষয়াৰ বিৰুদ্ধে লোকসভাৰ অধ্যক্ষক গোচৰ প্ৰাক্তন সাংসদৰ

ডেকা 15 আৰু 16তম অসম লোকসভাৰ বিজেপি সাংসদ আছিল ৷ তেওঁ কয় য়ে, ঘনশ্যাম দাসৰ বিৰুদ্ধে তদন্ত কৰিবলৈ তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতেও আলোচনা কৰিব ৷ উল্লেখ্য যে, প্ৰতি বছৰে 5 কোটিকৈ টকা সাংসদৰ স্থানীয় এলেকা উন্নয়নৰ নামত আৱন্টিত কৰা হয় ৷

উল্লেখনীয় যে, বিগত 5 বছৰত দুৰ্নীতি নিবাৰণ আইন 1988 ৰ অধীনত, 23 গৰাকী আইএএছ আৰু 4 গৰাকী আইপিএছ কৰ্মকৰ্তাৰ বিৰুদ্ধে তদন্ত কৰাৰ অনুমোদন প্ৰদান কৰা হৈছে ৷ চৰকাৰী পৰিসংখ্যা অনুসৰি, দুৰ্নীতিৰ অভিযোগত বিগত 5 বছৰত 2 জনকৈ আইএএছ কৰ্মকৰ্তাক বৰ্খাস্ত কৰা হৈছে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.