নিউজ ডেস্ক, 5 মেঃ বেংগালুৰু মহানগৰ পৰিবহণৰ এগৰাকী বাছ চালকে দেখুৱাইছে আদৰ্শ ৷ বাছৰ ভিতৰতে গছ-পুলি সংৰক্ষণ কৰিছে চালকজনে ৷ উল্লেখ্য যে, যিটো সময়ত একাংশ লোকে বন ধংস যজ্ঞত লিপ্ত হৈ আহিছে সেই সময়তে বেংগালুৰুৰ মহানগৰ পৰিবহণৰ এগৰাকী বাছ চালকে দেখুৱালে আদৰ্শ ৷ গছ-গছনি ৰোপন কৰি পৰিৱেশ ৰক্ষা কৰাৰ মানসিকতাৰ সৃষ্টিৰ উদ্দেশ্যৰে বাছৰ ভিতৰতে গছ পুলি তাবত সংৰক্ষন কৰিছে নাৰায়ণাপ্পা নামৰ চালক গৰাকীয়ে ৷ কাভাল বাইলাচান্দ্ৰ আৰু ইয়চন্দপুৰ মাজত চলা এই বাছখনত চালক গৰাকীয়ে পৰিবেশ সেউজীকৰণৰ সজাগতাৰ উদ্দেশ্যৰে বিগত চাৰি-পাঁচ বছৰ ধৰি এনেদৰে সংৰক্ষন কৰি আহিছে গছ-পুলি সমূহ ৷
অধিক পঢ়িবলৈ-ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ বিশ্বনাথত আৰম্ভ পথ মেৰামতিৰ কাম