ETV Bharat / bharat

তামিলনাডুত ধৰ্ষণৰ বলি অসমীয়া যুৱতী

author img

By

Published : Oct 3, 2020, 9:58 PM IST

Updated : Oct 3, 2020, 10:25 PM IST

তামিলনাডুত ধৰ্ষণৰ বলি অসমীয়া যুৱতী ৷ ছয় অভিযুক্তক আটক ৷

Assam girl gang rape case : Six accused arrested
তামিলনাডুত ধৰ্ষণৰ বলি অসমীয়া যুৱতী

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ : তামিলনাডুৰ পাল্লাদামত ধৰ্ষণৰ বলি হ'ল 22 বৰ্ষীয় অসমীয়া যুৱতী ৷ যুৱতীগৰাকী অসমৰ দৰং জিলাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ চাকৰিৰ সন্ধানত পাল্লাদামৰ কাল্লিমেডুত উপস্থিত হোৱা যুৱতীগৰাকীক ছয়জনীয়া এটা দলে ধৰ্ষণ কৰে ৷

তামিলনাডুত ধৰ্ষণৰ বলি অসমীয়া যুৱতী
অভিযুক্ত

ঘটনাৰ পাচতে পাল্লাদামৰ মহিলা আৰক্ষী চকীত যুৱতীগৰাকীয়ে এক গোচৰ ৰুজু কৰে ৷ ইয়াৰ পাচতে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ছয় লোকক আটক কৰে ৷

তামিলনাডুত ধৰ্ষণৰ বলি অসমীয়া যুৱতী
অভিযুক্ত

ঘটনাৰ বিৱৰণী অনুসৰি, পাল্লাদামৰ ৰাজেশ কুমাৰ নামৰ এজন লোকক চাকৰিৰ বাবে যোগাযোগ কৰিছিল যুৱতীগৰাকীয়ে ৷ তেওঁক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দি ৰাজেশ কুমাৰে নিজৰ ঘৰলৈ লগ কৰিবৰ বাবে আহ্বান জনাইছিল যুৱতীগৰাকীক ৷ 28 ছেপ্তেম্বৰত যুৱতীগৰাকী কুমাৰৰ ঘৰত উপস্থিত হয় আৰু কুমাৰে ভাতৃ ৰাজুক নিৰ্দেশ দিয়ে যুৱতীগৰাকীক বাছ আস্থানত থৈ আহিবলৈ ৷ বাছ আস্থানলৈ নিয়াৰ পৰিৱৰ্তে ৰাজুয়ে যুৱতীগৰাকীক অন্য স্থানলৈ নি আন চাৰিজনৰ সৈতে ধৰ্ষণ কৰে ৷ ইয়াৰ পাচতে যুৱতীগৰাকীক সেই স্থানত এৰি ধৰ্ষণকাৰীয়ে পলায়ন কৰে ৷

শেহতীয়াকৈ দেশৰ বিভিন্ন স্থানত সংঘটিত হৈছে বহুকেইটা ধৰ্ষণৰ কাণ্ড ৷ হাথৰছৰ দৰে নৃশংস কাণ্ডৰ লগতে উত্তৰ প্ৰদেশৰ অন্য স্থানতো কিছুদিনৰ ভিতৰতে সংঘটিত বহুকেইটা ধৰ্ষণৰ ঘটনাই তুমুল জোকাৰণিৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : চৰকাৰী আঁচনি ভোট নহয় 'সকলোৰে বিকাশ'ৰ ওপৰত আধাৰিত : প্ৰধানমন্ত্ৰী

Last Updated : Oct 3, 2020, 10:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.