ETV Bharat / bharat

ৰসৰাজৰ ’সাধনাগৃহ’পৰিদৰ্শন অসমৰ সাংস্কৃতিক সঞ্চালকৰ

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহত শুকুৰবাৰে পুৱা উপস্থিত হয় অসমৰ সাংস্কৃতিক সঞ্চালক প্ৰীতম শইকীয়া ৷ বেজবৰুৱাৰ "সাধনাগৃহ" পুনঃনিৰ্মাণ প্ৰকল্পৰ বাবে ওড়িশা আৰু অসম চৰকাৰে উভয়ে প্ৰদান কৰে 50 লাখকৈ টকাৰ অনুমোদন ৷

author img

By

Published : Nov 8, 2019, 3:19 PM IST

Updated : Nov 8, 2019, 4:57 PM IST

ৰসৰাজৰ সাধনাগৃহ পৰিদৰ্শন অসমৰ সাংস্কৃতিক সঞ্চালকৰ

নিউজ ডেস্ক, 8 নৱেম্বৰ : ওড়িশাৰ চম্বলপুৰ জিলাত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহত শুকুৰবাৰে পুৱা উপস্থিত হয় অসমৰ সাংস্কৃতিক সঞ্চালক প্ৰীতম শইকীয়া ৷ অসমৰ সাংস্কৃতিক সঞ্চালকগৰাকীৰ সৈতে উপস্থিত থাকে লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ বিষয়ববীয়া সকল ৷ বেজবৰুৱাৰ "সাধনাগৃহ" পুনঃনিৰ্মাণ প্ৰকল্পৰ বাবে ওড়িশা আৰু অসম চৰকাৰ উভয়ে 50 লাখকৈ টকাৰ অনুমোদন আগবঢ়ায় ৷

ওড়িশাৰ চম্বলপুৰ জিলাত উপস্থিত অসমৰ সাংস্কৃতিক সঞ্চালক

মেৰামতি আৰু পুনঃনিৰ্মাণ সম্পূৰ্ণ হ'লে এই গৃহটি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হ'ব বুলি আশা প্ৰকাশ কৰে সঞ্চালকগৰাকীয়ে ৷ বেজবৰুৱাৰ বাসগৃহ সংৰক্ষণ আৰু পুনঃনিৰ্মাণৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা ওড়িশা চৰকাৰৰ শলাগ লয় অসমৰ সাংস্কৃতিক সঞ্চালক প্ৰীতম শইকীয়াই ৷

Intro:Body:

Sambalpur(Odisha):  Assam Cultural Secretary pritam saikia visited Noted Assamese writer Lakshminath Bezbaroa’s houses in Sambalpur district on today morning.

Odisha & Assam Government given 50lakh each to Bezbaroa reconstruction  project. He praise Odisha govt. too.
 
Conclusion:
Last Updated : Nov 8, 2019, 4:57 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.