নিউজ ডেস্ক, ১৭ জুনঃ ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী COVID-19 ত আক্ৰান্তৰ সংখ্যা । মঙলবাৰ পৰ্যন্ত অসমত COVID-19 ত আক্ৰান্ত হৈছে ৪,৫১০ গৰাকী লোক । বিপৰীতে আৰোগ্য হৈ উঠিছে ২,৪১১ গৰাকী লোক । আনহাতে, ২,০৮৮ গৰাকী ব্যক্তি বৰ্তমানেও আক্ৰান্ত হৈ আছে COVID-19 ত ।
মঙলবাৰ পৰ্যন্ত ৰাজ্যখনত COVID-19 ত আক্ৰান্ত হৈ মুঠ ৮ গৰাকী লোকৰ মৃত্যু হোৱা বুলিও সদৰি কৰে স্বাস্থ্য বিভাগে ।