ETV Bharat / bharat

কৰ'ণা সংকটৰ সময়ত 1.31 লাখ শিশুক খাদ্য দিছে এছিয়াৰ সৰ্ববৃহৎ পাকঘৰে - corona outbreak

কৰ্ণাটকৰ অক্ষয় পাত্ৰ ফাউণ্ডেছনে 800 খন বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াইছে খাদ্য । খাদ্য প্ৰস্তুতৰ বাবে সংস্থাটোৱে ব্যৱহাৰ কৰে প্ৰযুক্তি ।

কৰ'ণা সংকটৰ সময়ত 1.31 লাখ শিশুক খাদ্য দিছে এছিয়াৰ সৰ্ববৃহৎ পাাকঘৰে

author img

By

Published : May 16, 2020, 1:17 PM IST

নিউজ ডেস্ক, 16 মে': কৰ্ণাটকৰ এটি এনজিঅ'ই কৰ'ণা সংকটৰ সময়ত দেশৰ 800 খন বিদ্যালয়ৰ 1.31 লাখ শিশুক খাদ্যৰ যোগান ধৰি আহিছে ।

এই সংস্থাটো হৈছে অক্ষয় পাত্ৰ ফাউণ্ডেছন । এই সংগঠনটোৰ পাকঘৰটো এছিয়াৰ সৰ্ববৃহৎ পাকঘৰ ৰূপে পৰিচিত । 2006 চনত ইনফ্চিছৰ পৰা লাভ কৰা বৰঙণিৰে এইটো স্থাপন হৈছিল । বৰ্তমান চলি থকা লক ডাউনত সংস্থাটোৱে 61 খন বাহনৰ ব্যৱস্থা কৰি বিভিন্ন বিদ্যালয়ত খাদ্যৰ যোগান ধৰি আহিছে ।

এই খাদ্য সমূহ প্ৰতিদিনে পুৱা 3 বজাৰ পৰা 9 বজাৰ ভিতৰত প্ৰস্তুত কৰা হয় । তাৰ পাচত পৰিষ্কাৰ কৰিবলৈ 450 গৰাকী কৰ্মচাৰীয়ে তিনিটা চিফ্টত কাম কৰে । বৈজ্ঞানিক প্ৰদ্ধতিৰে প্ৰস্তত কৰা হয় খাদ্য । সপ্তাহটোত ভিন্ন ভিন্ন ধৰণৰ খাদ্য প্ৰস্তত কৰা হয় ।

পাকঘৰটোতত কাম সহজ কৰিবলৈ সম্পূৰ্ণকৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয় । এক তথ্য অনুসৰি খাদ্যৰ 60 শতাংশ চৰকাৰৰ বৰঙণি আৰু বাকী অংশ ৰাইজৰ দানৰ পৰা আহে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.