ETV Bharat / bharat

কেৰালাত একেটা স্থানত ৫জনতকৈ অধিক লোকৰ সমাবেশত নিষেধাজ্ঞা - কৰ'ণা

কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে গণ সমাবেশ সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিলে কেৰালা চৰকাৰে। একেটা স্থানত ৫জনতকৈ অধিক লোক একত্ৰিত হোৱাত বাধা আৰোপ।

কেৰালাত একেটা স্থানত ৫জনতকৈ অধিক লোকৰ সমাবেশত নিষেধাজ্ঞা

author img

By

Published : Oct 2, 2020, 12:21 PM IST

নেশ্যনেল ডেস্ক, ২অক্টোবৰ: COVID-19ৰ সংক্ৰমণে কেৰালাত কালৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা। এতিয়াৰে পৰা একেটা স্থানত সমবেত হ'ব নোৱাৰিব ৫জনতকৈ অধিক লোক। অহা ৩ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ পৰ্যন্ত কেৰালাবাসীয়ে এই নতুন নিৰ্দেশনা মানি চলিব লাগিব বুলি বৃহস্পতিবাৰে চৰকাৰে ঘোষণা কৰে। প্ৰয়োজন সাপেক্ষে সান্ধ্য আইন জাৰি কৰাৰো সম্ভাৱনা প্ৰকট হৈছে।

কেৰালাত একেটা স্থানত ৫জনতকৈ অধিক লোকৰ সমাবেশত নিষেধাজ্ঞা
কেৰালাত একেটা স্থানত ৫জনতকৈ অধিক লোকৰ সমাবেশত নিষেধাজ্ঞা

উল্লেখ্য যে, কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে সান্ধ্য আইন জাৰি কৰা সন্দৰ্ভত সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে জিলা দণ্ডাধীশ সকলক। অৱশ্যে এই নিৰ্দেশ সামাজিক অনুষ্ঠানত পূৰ্বে নিৰ্ধাৰিত গণসমাবেশৰ ওপৰত প্ৰযোজ্য নহয়। কেতবোৰ সামাজিক অনুষ্ঠানত ৫০জন লোক, অন্তিম সংস্কাৰত ২০জন লোক উপস্থিত থাকিব পাৰিব বুলি চৰকাৰে পূৰ্বেই স্পষ্ট কৰি দিছে। এইক্ষেত্ৰত কোনো ধৰণৰ সাল-সলনি হোৱা নাই। সম্প্ৰতি কেৰালাত ভয়াৱহভাৱে COVID-19 মহামাৰীৰ সংক্ৰমণ হৈছে । কেৰালাত বৰ্তমান ৭২,৩৩৯জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।

লগতে চাওক: গান্ধী জয়ন্তী উপলক্ষে ইটিভি ভাৰত অসমৰ বিশেষ শ্ৰদ্ধাৰ্ঘ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.