নিউজ ডেস্ক, 27 মে' : লোকসভা নিৰ্বাচনত এখনো আসন নাপালেও ভাগি পৰা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷ দিল্লীত শোচনীয় পৰাজয়ৰ পাচত দলীয় কৰ্মকৰ্তাক হতাশ নহ'বলৈ সোমবাৰে এখন বৈঠকৰ আয়োজন কৰে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
লোকসভা নিৰ্বাচনত ৰাজধানী দিল্লীৰ সাতখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আম আদমি পাৰ্টীয়ে ৷ কিন্তু কোনো এখন আসনেই লাভ কৰিবলৈ নহ'ল দলটো ৷ দলৰ শোচনীয় পৰাজয়ৰ পাচত হতাশ নহৈ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে সকলো দলীয় নেতা-কৰ্মচাৰীকে উঠি-পৰি লাগিবলৈ আহ্বান জনায় কেজৰিৱালে ৷
2020 ত অনুষ্ঠিত হ'বলগীয়া দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে দেওবাৰে নতুন শ্লোগান উলিয়ায় আম আদমি পাৰ্টীয়ে ৷ 'দিল্লী মে তো কেজৰিৱাল' শ্লোগানেৰে বিধানসভা নিৰ্বাচনত বিৰোধীক প্ৰত্যাহ্বান জনাবলৈ সাজু বুলিও জানিবলৈ দিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷