ETV Bharat / bharat

অৰুণাচলত শ্ৰমিকক খাদ্য যোগান আৰু বৌদ্ধমঠসমূহ ছেনিটাইজ কৰিলে বিধায়কে - ডিৰাং অৰুণাচল প্ৰদেশ

পশ্চিম অৰুণাচলৰ ডিৰাং সমষ্টিৰ বিধায়ক ফুৰফা চেৰিঙৰ তত্বাৱধানত সীমান্তৱৰ্তী অঞ্চলটোত কাম কৰি থকা শ্ৰমিকসকলক খাদ্য যোগান ধৰাৰ লগতে গুমফাস্থিত বৌদ্ধমঠসমূহ ছেনিটাইজ কৰা হয় ৷

শ্ৰমিকক খাদ্য যোগান আৰু বৌদ্ধমঠসমূহ ছেনিটাইজ কৰিলে বিধায়কে

author img

By

Published : Jul 1, 2020, 10:34 PM IST

তেজপুৰ, 1 জুলাই : পশ্চিম অৰুণাচলৰ বিধায়ক ফুৰফা চেৰিঙৰ সমষ্টিৰ অন্তৰ্গত লোকসকলৰ বাবে এক ৰাজহুৱা পদক্ষেপ গ্ৰহণ কৰে । বিধায়কজনে লকডাউনৰ বাবে দৈনিক কাম কৰি জীৱিকা নিৰ্বাহ কৰা লোকসকলৰ বাবে খাদ্যৰ যোগান ধৰে ।

ডিৰাঙত চলি থকা ছেনিটাইজেশ্বনৰ এক দৃশ্য
ডিৰাঙত চলি থকা ছেনিটাইজেশ্বনৰ এক দৃশ্য

ডিৰাং সমষ্টিৰ বিধায়ক ফুৰফা চেৰিঙে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ দৈনিক মজুৰি কৰা লোক আৰু গাঁওবাসীৰ মাজত সপ্তাহত দুদিন খাদ্যৰ যোগান ধৰি আহিছে । লকডাউন আৰম্ভ হোৱাৰ পিচৰে পৰাই তেওঁ এই কাম কৰি আহিছে ৷

শ্ৰমিকৰ মাজত খাদ্য বিতৰণ
শ্ৰমিকৰ মাজত খাদ্য বিতৰণ

চেলাপাছৰ সমীপৱৰ্তী সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ বাবে অতিকে গুৰুত্বপূৰ্ণ ডিৰাং হৈছে অৰুণাচল প্ৰদেশৰ এখন ওখ পাহাৰীয়া ঠাই । প্ৰায় 150 জন লোক আৰু শিশুৰ মাজত এইদৰে খাদ্য প্ৰস্তুত কৰি বিতৰণ কৰি আহিছে স্থানীয় বিধায়কগৰাকীয়ে । আনহাতে দৈনিক মজুৰি কৰা লোকসকলকো ৰেচনৰ সামগ্ৰী যোগান ধৰিছে এইগৰাকী বিধায়কে ।

শ্ৰমিকক খাদ্য যোগান আৰু বৌদ্ধমঠসমূহ ছেনিটাইজ কৰিলে বিধায়কে

জিলাখনৰ এগৰাকী সমাজ কৰ্মী লাৱাং লবচঙে জনায় যে, ডিৰাঙত বৌদ্ধধৰ্মৰ গুমফাসমূহৰ অহা যোৱা পথসমূহত এইদৰেই ছেনিটাইজাৰ আৰু কোৱাৰেণ্টাইন কৰি প্ৰতিষেধক প্ৰদান কৰাটো বিধায়কগৰাকীয়ে সহায় কৰি আহিছে ।

লগতে পঢ়কঃ উড়ান 4.0 : 24 টা বিমানবন্দৰত এতিয়াও বিমানৰ চলাচল হ'বলৈ বাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.